নাহৰকটীয়া, ১২আগষ্ট: নাহৰকটীয়া সমষ্টিৰ কংগ্ৰেছ শিবিৰত আৰম্ভ হৈছে ব্যাপক খহনীয়া ৷ সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ পৰা হুৰা হুৰে আঁতৰিছে দলটোৰ শীৰ্ষ নেতৃত্ব । বুধবাৰে নামৰূপ, জয়পুৰ আৰু নাহৰকটীয়াৰ শীৰ্ষ নেতৃত্ব বহনকাৰী বহু কেইগৰাকী কংগ্ৰেছী নেতা আৰু কৰ্মীয়ে যোগদান কৰিলে গেৰুৱা দল বিজেপিত । এনে দৰে কংগ্ৰেছৰ দলীয় নেতা কৰ্মীৰ বিজেপি গমনে অধিক উৎসাহিত কৰি তুলিছে গেৰুৱা দলটোক ।
এটা দিনতে আঢ়ৈ শতাধিক কংগ্ৰেছ সমৰ্থকে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ কেইদিনমান পিছতেই পুনৰ বুধবাৰে নামৰূপ, জয়পুৰ আৰু নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যালৈকে বহু কেইগৰাকী নেতা কৰ্মীয়ে স্থানীয় সাংসদ তথা কেন্দ্ৰীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ বাসগৃহত যোগদান কৰিলে গেৰুৱা দল বিজেপিত ৷
নাহৰকটীয়াত অধিক শক্তিশালী হৈছে বিজেপিৰ ভেটি নাহৰকটীয়া সমষ্টিৰ যুৱনেতা তথা নৱ গঠিত বিজেপিৰ ২০২০-২৩ বৰ্ষৰ ৰাজ্যিক সমিতিৰ সম্পাদক তৰংগ গগৈৰ নেতৃত্বত যোৱা সময় চোৱাত সমষ্টিটোৰ অন্তৰ্গত বহু কেইখন পঞ্চায়তৰ অধিক সংখ্যক কংগ্ৰেছী নেতা কৰ্মীয়ে দল ত্যাগ কৰি দলে বলে যোগদান কৰিছে ভাৰতীয় জনতা দলত ৷
বুধবাৰে বিজেপিত যোগদান কৰা নাহৰকটীয়া সমষ্টিৰ নামৰূপ, জয়পুৰ আৰু নাহৰকটীয়াৰ ১৩ গৰাকী কংগ্ৰেছী নেতা কৰ্মী ক্ৰমে, নিতু সোণোৱাল(প্ৰাক্তন সভাপতি কছাৰি পথাৰ), নিতুল নাহৰ ডেকা(সভাপতি, নামৰূপ মণ্ডল কংগ্ৰেছ), কেটৰিনা ছামৰিয়া(ৱাৰ্ড সদস্যা, শান্তিপুৰ), কমল বাস্কে(ৱাৰ্ড সদস্য, শান্তিপুৰ), নিৰু সোণোৱাল(ৱাৰ্ড সদস্যা, নামৰূপ), পঙ্কজ গগৈ(সহ সাধাৰণ সম্পাদক, নামৰূপ মণ্ডল কংগ্ৰেছ), কাৰ্তিক গগৈ(সহ সা: সম্পাদক, দিঘলীয়া মণ্ডল কংগ্ৰেছ), দিনেচ গুপ্তা(মণ্ডল কাৰ্যনিৰ্বাহক সদস্য, নামৰূপ), সঞ্জিত কুমাৰ গুপ্তা(মণ্ডল কাৰ্যনিৰ্বাহক সদস্য, নামৰূপ), মণিমালা শইকিয়া(মহিলা ব্লক কংগ্ৰেছৰ সম্পাদিকা), ৰফিক বড়া(প্ৰাক্তন উপ সভাপতি, নাহৰকটীয়া), অভিশেক গগৈ(ৰাজ্যিক সম্পাদক,এন এছ ইউ আই), সত্যজিৎ গগৈ(প্ৰাক্তন সা: সম্পাদক, ডিব্ৰুগড়) ৷
বুধবাৰৰ এই যোগদান কাৰ্যসূচীত সাংসদ ৰামেশ্বৰ তেলীৰ বাসগৃহত উপস্থিত থাকে ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, সম্পাদক প্ৰীতম হাজৰিকা, শান্তিপুৰ গাওঁ পঞ্চায়তৰ সভাপতি ৰজনী বৰগোঁহাইৰ লগতে যুৱনেতা তৰংগ গগৈ ৷
যুৱ নেতা তৰংগ গগৈয়ে নতুনকৈ যোগদান কৰা আটাই কেইগৰাকী নেতা কৰ্মীকে দললৈ স্বাগতম জনোৱাৰ লগতে সকলোৱে সমিল মিলেৰে কাম কৰি আগন্তুক দিনত বিজেপি দলটোক আৰু অধিক শক্তিশালী ৰূপত আগুৱাই নিবলৈ সক্ষম হ'ব বুলি আশা ব্যক্ত কৰিলে ৷