অসম

assam

ETV Bharat / state

অসম বচাওঁ কাৰ্যসূচীৰে ড° নগেন শইকীয়াৰ বাসগৃহত কংগ্ৰেছৰ নেতৃত্ব - Congress leadership at Dr. Nagen Saikia's residence

অসম বচাওঁ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ড° নগেন শইকীয়াৰ বাসগৃহত উপস্থিত হয় দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ এটা সজাতি দল ৷ দেৱব্ৰত শইকীয়াৰ সদৰি কৰা মতে, কংগ্ৰেছৰ দলটোৱে আগন্তুক বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত ড° নগেন শইকীয়াৰ পৰামৰ্শ গ্ৰহণ কৰে ।

congress-leadership-at-dr-nagen-saikias-residence
অসম বচাওঁ কাৰ্যসূচীৰে ড° নগেন শইকীয়াৰ বাসগৃহত কংগ্ৰেছৰ নেতৃত্ব

By

Published : Feb 21, 2021, 7:10 PM IST

ডিব্ৰুগড়, 21 ফেব্ৰুৱাৰী : আজি পুৱাই বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়াৰ ডিব্ৰুগড় বাসগৃহত উপস্থিত হয় কংগ্ৰেছৰ নেতা দেৱব্ৰত শইকীয়াৰ । ড° নগেন শইকীয়াৰ বাসগৃহ ' বৰ্ণমাল'ত উপস্থিত হৈ বিশিষ্ট সাহিত্যিক গৰাকীৰ স্বাস্থ্য বুজ লোৱাৰ লগতে কা' আন্দোলন আৰু সাম্প্ৰতিক পৰিৱেশ পৰিস্থিতি সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰে কংগ্ৰেছৰ কংগ্ৰেছৰ নেতাজনে ।

অসম বচাওঁ কাৰ্যসূচীৰে ড° নগেন শইকীয়াৰ বাসগৃহত কংগ্ৰেছৰ নেতৃত্ব

উল্লেখ্য যে অসম বচাওঁ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ড° নগেন শইকীয়াৰ বাসগৃহত উপস্থিত হয় দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ এটা সজাতি দল ৷ দেৱব্ৰত শইকীয়াৰ সৈতে দলটোত আছিল প্ৰাক্তন মন্ত্ৰী পৃথ্বী মাঝী, ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি দেৱৰঞ্জন গগৈ, জিলা সাধাৰণ সম্পাদক ৰঞ্জিত বৰুৱা, ৰাজকুমাৰ নীল নেত্ৰ নেওগ আদি ।

সাংবাদিকৰ আগত দেৱব্ৰত শইকীয়াই সদৰি কৰা মতে, কংগ্ৰেছৰ দলটোৱে আগন্তুক বিধানসভা নিৰ্বাচনৰ সন্দৰ্ভত ড° নগেন শইকীয়াৰ পৰামৰ্শ গ্ৰহণ কৰে । তদুপৰি নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে কিদৰে থি‌য় দিব সেই সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰে কংগ্ৰেছৰ দলটোৱে ।

লগতে পঢ়ক: মিৰ্জাত চাঞ্চল্যকৰ অপহৰণ কাণ্ড : ৰাজপথৰ পৰা অপহৰণ কৰি নিলে ব্যৱসায়ীক

ABOUT THE AUTHOR

...view details