মৰাণ,২৫ মাৰ্চ: ২০২১ৰ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী । এনে অৱস্থাত এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । শাসক বিৰোধী সকলো ৰাজনৈতিক দলেই বিভিন্ন প্ৰকাৰে সমষ্টিসমূহত শক্তি প্ৰদৰ্শনত ব্যস্ত আছে । সমান্তৰালকৈ আকৌ এই সময়তো দল বাগৰা ৰাজনীতিও অব্যাহত আছে ৰাজ্যৰ ভিন্ন প্ৰান্তত ।
মৰাণত অব্যাহত আছে দল বাগৰা ৰাজনীতি - মৰাণত অব্যাহত আছে দল বাগৰা ৰাজনীতি
মৰাণ সমষ্টিৰ হালধিবাৰী পঞ্চায়তৰ কংগ্ৰেছ দলৰ সক্ৰিয় নেতা গিৰিণ চেতিয়াই যোগদান কৰিলে বিজেপি দলত । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান ক্ষণ বাকী থকাৰ সময়তে সক্ৰিয় নেতাজনে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ লগে লগে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত ।
মৰাণত অব্যাহত আছে দল বাগৰা ৰাজনীতি
এইবাৰ মৰাণ সমষ্টিৰ এগৰাকী সক্ৰিয় কংগ্ৰেছ নেতাই দল ত্যাগ কৰে । বুধবাৰে মৰাণ সমষ্টিৰ হালধিবাৰী পঞ্চায়তৰ কংগ্ৰেছ দলৰ সক্ৰিয় নেতা গিৰিণ চেতিয়াই বিজেপি দলত যোগদান কৰে । হালধিবাৰী পঞ্চায়তৰ কংগ্ৰেছ দলৰ হৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি থকা কংগ্ৰেছ নেতাজনে বিজেপিত যোগদান কৰাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমষ্টিটোত ৷
লগতে পঢ়ক:বঙাইগাঁৱৰ নিৰ্দলীয় প্ৰাৰ্থী গৌতম দত্তৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ