অসম

assam

By

Published : May 13, 2023, 9:19 PM IST

ETV Bharat / state

Karnataka Poll Results: ভাৰত জোড়ো যাত্ৰাৰ প্ৰতিফলন কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফল: এটুৱা মুণ্ডা

কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ সাফল্যৰ সন্দৰ্ভত কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাৰ প্ৰতিক্ৰিয়া ৷ কৰ্ণাটকৰ এই ফলাফলে সমগ্ৰ ভাৰততে সূদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব বুলি মন্তব্য প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাৰ (Atuwa Munda reacts on Karnataka Poll Result) ৷

Atuwa Munda reacts on Karnataka Poll Result
কৰ্ণাটকৰ এই ফলাফলে সমগ্ৰ ভাৰততে সূদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব:এতুৱা মুণ্ডা

প্ৰাক্তন মন্ত্ৰী এতুৱা মুণ্ডাৰ প্ৰতিক্ৰিয়া

ডিব্ৰুগড়, 13 মে’: কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ সাফল্যত আমি সুখী ৷ আমি আশাবাদী যে, কৰ্ণাটকৰ এই ফলাফলে সমগ্ৰ ভাৰততে সূদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব ৷ এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাৰ (Atuwa Munda reacts on Karnataka Poll Result) ৷

বিজেপিয়ে কংগ্ৰেছ মুক্ত ভাৰত গঢ়াৰ যি আস্ফালন কৰিছিল তাত তেওঁলোক সম্পূৰ্ণ ব্যৰ্থ হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অমিত শ্বাহকে প্ৰমুখ্য কৰি বিজেপিৰ আগশাৰীৰ নেতাইও ডাঙৰ ডাঙৰ ৰেলী কৰি, ভাষণ দি শেষ ৰক্ষা কৰিব নোৱাৰিলে বিজেপিক বুলি কয় জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷ জনসাধাৰণে বুজি পালে যে এতিয়া দুৰ্নীতি আৰু হিটলাৰীৰাজ দেশত নচলে বুলি কয় তেওঁ ৷ বিজেপিৰ দুৰ্নীতি বিৰোধী শ্ল’গানসমূহ কেৱল যে শ্ল’গানহে আছিল সেই কথা দেশবাসীয়ে বুজি পাইছে আৰু সেয়ে কৰ্ণাটকৰ নিৰ্বাচনত ৰাইজে কংগ্ৰেছৰ সমৰ্থনত ভোটদান কৰিলে বুলিও মন্তব্য কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীজনে (Congress Leader Atuwa Munda) ৷

তেওঁ লগতে কয় যে, কংগ্ৰেছে নীতি আৰু আদৰ্শৰ ওপৰত কথা কবলৈ বিচাৰিছে ৷ আদানীকাণ্ড সন্দৰ্ভত প্ৰধানমন্ত্ৰী ডাঙৰীয়া সম্পূৰ্ণ নিমাত, কাৰণ ইয়াত এক বৃহৎ দুৰ্নীতি সংঘটিত হৈছে ৷ আদানীৰ কোম্পানীত বিনিয়োগ কৰা টকাৰ উৎস সন্দৰ্ভত যদি অনুসন্ধান কৰা হয় তেন্তে ইয়াত বিজেপিৰেই ডাঙৰ ডাঙৰ নেতা জড়িত হৈ আছে সেইয়া ওলাই পৰিব বুলি কয় নেতাজনে ৷ এই দুৰ্নীতি, অন্যায়ৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে ৰাইজক সজাগ কৰিবলৈ যি ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচী হাতত লৈছিল, তাৰ প্ৰতিফল স্বৰূপে আজি কৰ্ণাটকত কংগ্ৰেছে জয়লাভ কৰিবলৈ সক্ষম হৈছে বুলি কয় প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাই (Atuwa Munda reacts on Karnataka Poll Result) ৷

ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ জড়িয়তে ভাৰতবৰ্ষৰ সকলো স্তৰৰ জনতাৰ মন জয় কৰিবলৈ সক্ষম হ’ল, কৰ্ণাটকৰ বিধান সভা নিৰ্বাচনৰ ফলাফল তাৰে প্ৰতিফলন ৷ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনীতিতো আগন্তুক নিৰ্বাচনত কংগ্ৰেছে ভাল ফলাফল অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাজনে ৷ বিজেপি চৰকাৰৰ মিথ্যাচাৰ ৰাইজে ইতিমধ্যে বুজি পাবলৈ সক্ষম হৈছে , নিৰ্বাচনৰ সময়ত দিয়া এটাও প্ৰতিশ্ৰুতি বিজেপি চৰকাৰে পূৰণ কৰিবলৈ সক্ষম হোৱা নাই বুলি প্ৰাক্তন মন্ত্ৰী এটুৱা মুণ্ডাই এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

লগতে পঢ়ক:Karnataka Election results 2023 : নিৰ্বাচনৰ পূৰ্বে ঘোষণা কৰা গ্যেৰাণ্টিয়ে সহায় কৰিলে নেকি কংগ্ৰেছক ?

ABOUT THE AUTHOR

...view details