টিংখাং, 13 মাৰ্চ:নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ বেলেগ বেলেগ নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰি প্ৰত্যেক ৰাজনৈতিক দল নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ বিজেপিক উফৰাই কংগ্ৰেছ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যেৰে শুকুৰবাৰে কংগ্ৰেছ দলে টিংখাঙৰ নিলমনীত সমষ্টিটোৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷
কংগ্ৰেছ দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো উদ্বোধন কৰি এতোৱা মুণ্ডাই কয় যে, টিংখাঙৰ পৰা বিজেপিক উফৰাই কংগ্ৰেছে পুনৰ নিজৰ শাসন প্ৰতিষ্ঠা কৰিব ৷ পূৰ্বেই কংগ্ৰেছ চৰকাৰে কৰা কাম সমূহৰ উপৰত বিধায়ক বিমল বৰাই ৰঙ সানি বাহঃ বাহঃ লোৱা বুলি অভিযোগ কৰি মুণ্ডাই বিজেপিৰ বিগত পাঁচ বছৰীয়া শাসনত টিংখাঙবাসী ৰাইজ অতীষ্ঠ হৈ পৰিছে বুলি দাবী কৰি ৰাইজে এইবাৰ পুনৰ কংগ্ৰেছক শাসনত অধিষ্ঠিত কৰিব বুলি মন্তব্য কৰে ৷