মৰাণ,11 মাৰ্চ: ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিতে এতিয়া শাসক-বিৰোধী সকলো দলৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে । বৃহস্পতিবাৰে নাহৰকটীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী তৰংগ গগৈয়ে নামছাঙৰ ফ্ৰী লেন শিৱ মন্দিৰত সেৱা জনায় ৷
নামছাঙৰ প্ৰচাৰ সভাত নাহৰকটীয়া বিজেপি প্ৰাৰ্থী তৰংগ গগৈ - তৰংগ গগৈ
তৰংগ গগৈয়ে আৰম্ভ কৰিলে নিৰ্বাচনী প্ৰচাৰ ৷ বৃস্পতিবাৰে নামছাঙৰ ফ্ৰী লেন শিৱ মন্দিৰত সেৱা জনাই বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে তৰংগ গগৈয়ে ৷
নামছাঙৰ বিশাল প্ৰচাৰ সভাত নাহৰকটীয়া বিজেপিৰ প্ৰাৰ্থী তৰংগ গগৈ
ইয়াৰ পাচতে অসম-অৰুণাচল সীমান্তৰ দিহিং-পাটকাই সমীপৰ নামছাঙ বাগানত দলীয় কাৰ্যকৰ্তাসকলৰ লগতে স্থানীয় ৰাইজৰ উপস্থিতিত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় তৰংগ গগৈয়ে । উক্ত সভাতে শতাধিক কংগ্ৰেছ আৰু অগপৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে ৷
লগতে পঢ়ক: গুৰুতৰভাৱে অসুস্থ মৰিয়নিৰ প্ৰাক্তন বিধায়ক অলক কুমাৰ ঘোষ