অসম

assam

ETV Bharat / state

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা পৰিমিতা দাসৰ প্ৰতি মৰাণত শ্ৰদ্ধাঞ্জলি AJYCP ৰ

শুকুৰবাৰে নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা অধ্যাপিকা পৰিমিতা দাসৰ প্ৰতি নিজৰ কাৰ্যালয়ৰ চৌহদত শ্ৰদ্ধাঞ্জলি জনালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে ৷

By

Published : Sep 11, 2021, 6:01 PM IST

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা পৰিমিতা দাসৰ প্ৰতি মৰাণত শ্ৰদ্ধাঞ্জলি AJYCP ৰ
নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা পৰিমিতা দাসৰ প্ৰতি মৰাণত শ্ৰদ্ধাঞ্জলি AJYCP ৰ

মৰাণ, 11 ছেপ্তেম্বৰ: নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাই ইতিমধ্যে বুকু কঁপাই তুলিছে সকলোৰে । যি ফেৰী দুৰ্ঘটনাই এতিয়া দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছে ৷ তাৰ মাজতে শুকুৰবাৰে নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা অধ্যাপিকা পৰিমিতা দাসৰ প্ৰতি নিজৰ কাৰ্যালয়ৰ চৌহদত শ্ৰদ্ধাঞ্জলি জনালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে ৷

উল্লেখযোগ্য যে, যোৰহাট মাজুলীৰ মাজত দলং নিৰ্মাণৰ আধাৰশিলা, ভূমি পূজন চৰকাৰে কৰিলে যদিও আজি পৰ্যন্ত দলং নিৰ্মাণৰ কাম আৰম্ভ নকৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰাণ আঞ্চলিক সমিতিয়ে ক্ষোভ প্ৰকাশ কৰিছে ৷ লগতে যোৰহাট মাজুলী সংযোগী দলং খন অতি শীঘ্ৰে নিৰ্মাণৰ বাবে চৰকাৰক দাবী জনোৱাও দেখা যায় । ইপিনে উক্ত অনুষ্ঠানত মৰাণৰ সকলো দল সংগঠনৰ প্ৰতিনিধিৰ লগতে বহু সচেতন ৰাইজ উপস্থিত থকা দেখা যায় ।

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা পৰিমিতা দাসৰ প্ৰতি মৰাণত শ্ৰদ্ধাঞ্জলি AJYCP ৰ

লগতে পঢ়কঃ ৰঙাপৰাত হাতী-মানুহৰ সংঘাতৰ শিহৰণকাৰী দৃশ্য দেখিলো আপোনাৰ চকু কপালত উঠিব

একেদৰে চলিত সপ্তাহৰ বুধবাৰে নিমাতীঘাটত মহাবাহু ব্ৰহ্মপুত্ৰৰ ওপৰত সংঘটিত দুৰ্ঘটনাটোৱে সকলোকে চিন্তিত কৰি তুলিছে । একেদৰে দুৰ্ঘটনাটোৰ পাছতে মাজুলীবাসীয়ে দলং নিৰ্মাণৰ বাবে পুনৰ দাবী উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ৷

আনহাতে এই ঘটনাটোৰ পাছতে বিশিষ্ট ঔপন্যাসিক তথা মাজুলীৰ সন্তান জুৰি বৰা বৰগোহাঞিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেতবোৰ বিস্ফোৰক মন্তব্য কৰা দেখা গৈছে ৷ দলং নিৰ্মাণ নোহোৱাৰ বাবে মাজুলীৰ সত্ৰাধিকাৰ সকলক সমালোচনা কৰি বিশিষ্ট ঔপন্যাসিক তথা মাজুলীৰ সন্তান জুৰি বৰা বৰগোহাঞিয়ে কয় যে, মাজুলীৰ দলং নিৰ্মাণত সত্ৰাধিকাৰ সকলে বাধা প্ৰদান কৰিছিল।

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা পৰিমিতা দাসৰ প্ৰতি মৰাণত শ্ৰদ্ধাঞ্জলি AJYCP ৰ

দলং নিৰ্মাণ হ'লে মাজুলীৰ সংস্কৃতি ধংস হ'ব বুলি সত্ৰাধিকাৰ সকলে কোৱাৰ বাবে দলং খন নিৰ্মাণত বিধিপথালি সৃষ্টি হোৱা বুলি ঔপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে সদৰি কৰা দেখা গৈছিল ৷

লগতে পঢ়কঃ তেজপুৰ জাহাজ ঘাটৰ পৰা বিশ্বনাথ ঘাটলৈ এনডিআৰএফৰ অভিযান

ABOUT THE AUTHOR

...view details