মৰাণ, 30 অক্টোবৰ : অসমৰ ইতিহাসত এটা কলা দিন হিচাপে চিহ্নিত হৈ ৰ'ল 30 অক্টোবৰ ৷ 2008 চনৰ এই দিনটোতে গুৱাহাটী, কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটাৰোডত এন ডি এফ বিৰ ৰঞ্জন দৈমাৰীৰ গোটে সংঘটিত কৰিছিল ধাৰাবাহিক ভয়ংকৰ বোমা বিস্ফোৰণ ৷ এই ধাৰাবাহিক বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল 81 গৰাকী নিৰীহ লোকে ৷ বোমা বিস্ফোৰণত প্ৰাণ হেৰুওৱা নিৰীহ সকললৈ শ্ৰদ্ধাঞ্জলি জলাই শুকুৰবাৰে অসমৰ বিভিন্ন প্ৰান্তত বন্তি প্ৰজ্বলন কৰে বিভিন্ন দল সংগঠনৰ লগতে সচেতন ৰাইজে ৷ 30 অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণত নিহত সকললৈ ৰাজ্যখনৰ অন্যান্য ঠাইৰ লগতে মৰাণতো বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই ৷
সমান্তৰালকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ তৰফৰ পৰাও বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।নিহত সকললৈ শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰাৰ লগতে, এক মিনিট মৌন প্ৰাৰ্থনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ সদস্য সকলে ৷ অনুষ্ঠানটোত উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ চন্দন শৰ্মা । বন্তি প্ৰজ্বলন কৰি তেওঁ বিস্ফোৰণত প্ৰাণ হেৰুওৱা সকললৈ শ্ৰদ্ধা নিবেদন কৰি সকলোকে সন্ত্ৰাসবাদৰ দৰে হিংসাত্মক পন্থা পৰিহাৰ কৰিবলৈ আহ্বান জনায় ৷