মৰাণ,২৫ জুন:ৰাজ্য চৰকাৰে চাহ বাগিচাত শ্ৰমিকৰ জীৱনৰ মানদণ্ড উন্নীতকৰণৰ বাবে চেষ্টা কৰা বুলি ঘোষণা কৰি থকা সময়তে বাগিচা অঞ্চলত চাহ বাগিচাৰ শ্ৰমিক নিম্নমানৰ খাদ্য যোগান ধৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে(Accused of poor quality food to tea workers) । ৰাজ্যৰ বিভিন্ন জিলাৰ বাগিচাত নিম্নমানৰ খাদ্য যোগান ধৰা ABC Tea Workers Welfare Service নামৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ।
শুকুৰবাৰে ডিব্ৰুগড়ত এখন সংবাদমেল আয়োজন কৰি এই কথা প্ৰকাশ কৰিছে ভাৰতীয় ট্ৰেড ইউনিয়নৰ নেচনেল ফ্ৰন্টে । ইউনিয়নৰ অন্যতম নেতা ইজৰাইল নন্দই সংবাদমেলত কয় যে ABCয়ে চাহ বাগিচাৰ শ্ৰমিকসকলক নিম্ন মানদণ্ডৰ খাদ্য সামগ্ৰী যোগান ধৰি কোঙা কৰিছে । যিটো সমগ্ৰ চাহ জনগোষ্ঠী ৰাইজৰ বাবে চৰম পৰিতাপৰ বিষয় বুলি । ABCয়ে বাগিচাখনত পঁচা চাউল,আটা প্ৰদান কৰাৰ অভিযোগ তথ্য সহকাৰে দাঙি ধৰে নেতাগৰাকীয়ে ।