অসম

assam

ETV Bharat / state

চাকৰিৰ নামত উৎকোচ লোৱাৰ অভিযোগ অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ বিৰুদ্ধে - অসম চিকিৎসা মহাবিদ্যালয়

ৰে'ল বিভাগত চাকৰি প্ৰদানৰ প্ৰলোভনেৰে ২২ লাখ টকা সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ অজন্তা হাজৰিকা নামৰ এগৰাকী জ্যেষ্ঠ মহিলা চিকিৎসকৰ বিৰুদ্ধে । নিজ গাড়ী চালকৰ জৰিয়তে তিনিজনকৈ যুৱকৰ পৰা প্ৰায় 22 লাখ টকা উৎকোচ লোৱাৰ অভিযোগ চিকিৎসক গৰাকীৰ বিৰুদ্ধে ৷

As_Moran_Assam_Medical_College_doctor_taking_bribe_As10031
চাকৰিৰ নামত উৎকোচ লোৱাৰ অভিযোগ অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ বিৰুদ্ধে

By

Published : Dec 9, 2020, 8:10 PM IST

ডিব্ৰুগড়,9 ডিচেম্বৰ : এইবাৰ চাকৰিৰ নামত ডিব্ৰুগড়ত বিয়াগোম কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে ৷ উত্তৰ-পূৱ সীমান্ত ৰে’লৱেত নিযুক্তি দিয়াৰ নামত সংঘটিত হৈছে এই কেলেংকাৰী ৷ স্বয়ং মুখ্যমন্ত্ৰীৰ গৃহ নগৰতে সংঘটিত হোৱা এই ঘটনাই সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ । চাকৰিৰ দালালৰ ৰূপত অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ মহিলা চিকিৎসকৰ নাম সাঙোৰ খাই পৰিছে ।

চাকৰিৰ প্ৰলোভনেৰে ২২ লাখ টকা সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ অজন্তা হাজৰিকা নামৰ এগৰাকী জ্যেষ্ঠ মহিলা চিকিৎসকৰ বিৰুদ্ধে । অভিযোগ অনুসৰি অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসক গৰাকীয়ে নিজ গাড়ী চালকৰ জৰিয়তে ভুক্তভোগী যুৱককেইজনৰ পৰিয়ালৰ পৰা 7 ৰ পৰা 8 লাখ টকাকৈ ধন উৎকোচ লোৱাৰ অভিযোগ উত্থাপন হৈছে । কিন্তু ধন লৈ দৰিদ্ৰ পৰিয়াল কেইটাক চাকৰি দিয়া দূৰৰ কথা ওলোটাই ধন ওভটাই বিচাৰোতে ভয়-ভাবুকিহে প্ৰদান কৰে ডাঃ অজন্তা হাজৰিকাই ৷

চাকৰিৰ নামত উৎকোচ লোৱাৰ অভিযোগ অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ বিৰুদ্ধে

উল্লেখ্য যে, অজন্তা হাজৰিকাই তিনি জন যুৱকৰ পৰা মুঠ ২২ লাখ টকা সংগ্ৰহ কৰিছিল যদিও ইয়াৰে আধা অংশ গুৱাহাটীৰ ৰাজীৱ পৰাশৰ নামৰ এজন ব্যক্তিৰ SBI ৰ ছয় মাইল শাখাৰ 30669571164 নম্বৰ একাউণ্টত আৰু IDBI GS Road Branchৰ 136102000008662 নম্বৰ আৰু SBIৰ ছয়মাইলৰে 35878209607 একাউন্টত জমা দিয়াৰ তথ্য প্ৰদান কৰিছে চাকৰি প্ৰাৰ্থী কেইজনে । অৱশ্যে সাংবাদিকৰ আগত অভিযুক্ত চিকিৎসক অজন্তা হাজৰিকাই এইয়া তেওঁৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ কৰা বুলিহে মন্তব্য কৰিছে । ইফালে চিকিৎসক অজন্তা হাজৰিকাৰ বিৰুদ্ধে অমল নাথ নামৰ ভুক্তভোগীজনে গোচৰ ৰুজু কৰাৰ পাছতে ডিব্ৰুগড় আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

লগতে পঢ়ক-আজি যোৰহাটত কেন্দ্ৰীয়ভাৱে পালন প্ৰয়াত তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ABOUT THE AUTHOR

...view details