মৰাণ,14 ফেব্ৰুৱাৰীঃডিব্ৰুগড় চহৰৰ এটা বৃহৎ অঞ্চলৰ ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে । যাতায়তৰ বাবে এটা পথ নথকাৰ বাবে ক্ষোভিত হৈছে তেওঁলোক । বাঁহৰ দলঙৰে বিপদ সংকুল যাত্ৰা কৰিবলগা হোৱা বাবে চৰকাৰৰ ওচৰত ক্ষোভ উজাৰিছে তেওঁলোকে । ডিব্ৰুগড় চহৰৰ ২০,২১,২২ নং পৌৰসভা ৱাৰ্ডৰ বহু শতাধিক ৰাইজৰ যাতায়াতৰ দিশত এটা পথ নথকাক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে অঞ্চলটোৰ ৰাইজে ।
মুখ্যমন্ত্ৰীৰ গৃহ চহৰত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ কিয় ! - বিপদ সংকুল ভাৱে
ডিব্ৰুগড়ৰ ২০,২১,২২ নং পৌৰসভা ৱাৰ্ডৰ শতাধিক ৰাইজৰ যাতায়াতৰ দিশত এটা পথ নথকাক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰিছে অঞ্চলটোৰ ৰাইজে ।
মুখ্যমন্ত্ৰীৰ গৃহ চহৰত চৰকাৰৰ বিৰুদ্ধে একাংশৰ ক্ষোভ কিয় !
ইফালে চহৰৰ মাজতে থকা মুক্ত মুখ্য নলাৰ কাষত বসবাস কৰা এইসকল ৰাইজে বছৰ বছৰ ধৰি ভয়াৱহ কৃত্ৰিম বানৰ কবলত পৰি আহিছে ৷ তথাপিও কোনো গুৰুত্ব নাই দায়িত্বত থকা বিভাগৰ । বিপদ সংকুলভাৱে মুখ্য নলাৰ ওপৰত থকা এখন বাঁহৰ দলঙৰে যাতায়াত কৰাৰ লগতে ভিন্ন সমস্যাৰ কবলত পৰিবলগা হৈছে । শীঘ্ৰে তেওঁলোকৰ এই পথ, নলা আৰু দলং নিৰ্মাণ কৰি নিদিলে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি মন্তব্য আগবঢ়াইছে ৷