ডিব্ৰুগড়, 12 জুলাই : ক'ভিড সৃষ্ট আতংকময় পৰিৱেশৰ মাজতে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ ৷ কেৱল সংবাদ যুগুটোৱাতেই ব্যস্ত হৈ নাথাকি সমাজৰ পৰা অৱহেলিত বৃদ্ধ দম্পতীৰ কাষত থিয় হৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই ৷ সুদীৰ্ঘ বছৰ ধৰি এক জৰাজীৰ্ণ গোহালি সদৃশ বাসগৃহত বসবাস কৰি থকা বৃদ্ধ দম্পতীক নিৰ্মাণ কৰি দিলে এটা বাসগৃহ ৷ কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই দম্পতীক গাঁঠিৰ ধনেৰে বাসগৃহটো নিৰ্মাণ কৰি দিলে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সদস্য সকলে ৷
উল্লেখ্য যে, ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ জকাই গাঁও পঞ্চায়তৰ অন্তৰ্গত জকাই বৰবিলৰ এটি বৃদ্ধ দম্পতীয়ে দীৰ্ঘদিনৰ পৰা এটা জৰাজীৰ্ণ বাসগৃহতে জীৱন নিৰ্বাহ কৰি আহিছিল ৷ এই বাতৰি সংবাদমাধ্যমত প্ৰচাৰ হোৱাৰ পাছতো চৰকাৰ তথা পঞ্চায়ত প্ৰতিনিধিৰ কোনো দৃষ্টি পৰা নাছিল ৷ যাৰ বাবে বৃদ্ধ দম্পতীৰ জৰাজীৰ্ণ গোহালি সদৃশ বাসগৃহটো কোনো চৰকাৰী আঁচনি গ্ৰহণ নকৰাকৈয়ে মেৰামতি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছল ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই ৷ অৱশেষত প্ৰতিশ্ৰুতি মতেই বৃদ্ধ দম্পতীক ঘৰটো মেৰামতি কৰি দিলে ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই ৷