অসম

assam

ETV Bharat / state

ৰাজ্যত অব্যাহত আছে বিত্তীয় প্ৰতিষ্ঠানৰ লুণ্ঠন - বিত্তীয় প্ৰতিষ্ঠানৰ লুণ্ঠন

ডিব্ৰুগড় জিলাৰ খোৱাঙত বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে ওলাই আহিল শতাধিক মহিলা ৷ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ সৰ্বস্বান্ত হৈছে গাঁৱৰ ৰাইজ ৷

ডিব্ৰুগড় জিলাৰ খোৱাঙত বিত্তীয় প্ৰতিষ্ঠানে চলাইছে লুণ্ঠন

By

Published : Oct 24, 2019, 10:40 PM IST

ডিব্ৰুগড় , 24 অক্টোবৰঃ ৰাজ্যখনত কাঠফুলাৰ দৰে গঢ়ি উঠা বে-চৰকাৰী বিত্তীয় প্ৰতিষ্ঠান সমূহৰ যোগেদি একাংশ লোক উপকৃত হৈছে যদিও গ্ৰাম্যাঞ্চলৰ অধিকাংশ লোক এনে প্ৰতিস্থানৰ পৰা ঋণ লৈ বৰ্তমান সৰ্বস্বান্ত হোৱাৰ ঘটনা নতুন নহয় ৷ তেনে এক ঘটনাৰে পুনৰাবৃত্তি হৈছে ডিব্ৰুগড় জিলাৰ মৰাণ আৰু খোৱাঙৰ বৃহত্তৰ অঞ্চলত ৷ এনে বে-চৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ সৰ্বস্বান্ত হৈ পৰিছে বহু সাধাৰণ গ্ৰাহক ৷ এনে সৰ্বস্বান্ত গ্ৰাহকে সাপ্তাহিক, পষেকীয়া, আৰু মাহেকীয়া আদি বিভিন্ন কিস্তিত ঋণ পৰিশোধৰ বাবে কৃষিভূমি, পোহনীয়া জীৱ জন্তু, গেছ চিলিণ্ডাৰ, সোণৰ অলংকাৰ,হাঁহ- কুকুৰা, মূল্যৱান গছ- গছনি, কাঁহৰ কাঁহি- বাটি আদিকে ধৰি আপুৰুগীয়া সম্পদ এফালৰ পৰা বিক্ৰী কৰি তহিলং কৰিছে । গাঁও সমূহত সৃষ্টি হোৱা এনে পৰিৱেশৰ বাবে খোৱাঙৰ হালধিবাৰী , বৰপথাৰ , শিলপুতা, দীঘলীয়াহোলা,নগৰ গাঁও ,নাহৰণী আদি বৃহত্তৰ অঞ্চলৰ কেইবা শতাধিক মহিলা বৃহস্পতিবাৰে ওলাই আহিল বৃত্তীয় প্ৰতিষ্ঠান সমূহ বন্ধ কৰিবলৈ ৷ খোৱাংৰ গ্ৰাম্যাঞ্চল সমূহত দেখা দিয়া এনে সমস্যা সমাধানৰ বাবে খোৱাং আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি কেৱাটাও জাতীয় সংগঠনে মহিলা সকলৰ লগত আলোচনাত মিলিত হোৱাৰ পাছতে গ্ৰহণ কৰিলে এই প্ৰতিবাদী কাৰ্যসূচী ৷ মহিলা সকলে জানিবলৈ দিয়া মতে একাংশ গাঁৱত ঋণ পৰিশোধ কৰিব নোৱাৰা বহু পৰিয়ালৰ গৃহত বিত্তীয় প্ৰতিষ্ঠান কেইটাৰ একাংশ বিষয়া কৰ্মচাৰী পুৱাৰ পৰা গধূলি লৈকে বহি থকা দেখিবলৈ পোৱা গৈছে | উত্থাপিত অভিযোগ অনুসৰি ঋণৰ ধন নোপোৱালৈকে বিষয়া কৰ্মচাৰী ঋণগ্ৰস্ত গ্ৰাহকৰ ঘৰৰ পৰা উঠি নাযায় । ধন ঘূৰাই দিব নোৱাৰিলে ঘৰৰ মূল্যৱান সামগ্ৰী লৈ যোৱাৰ অভিযোগ কৰিছে ভুক্তভোগী মহিলা সকলে । কোনো কোনো ভুক্তভোগী মহিলাই ধন ঘূৰাই দিব নোৱাৰি ঘৰ এৰি কৰবাত আত্মগোপন কৰি থকাৰো খবৰ পোৱা গৈছে । ফলত ঋণ লোৱা অধিকাংশ গ্ৰাহকেই বৰ্তমান ভয়ংকৰ সমস্যাৰ গৰাহত পৰা পৰিলক্ষিত হৈছে । অসমৰ উজনিৰ পৰা নামনিলৈ চৌদিশে এনে বিত্তীয় প্ৰতিষ্ঠানসমূহে ছানি ধৰাত সৰ্বসাধাৰণ মহিলাসকলে সহজে ঋণ লাভ কৰাত একে সময়তে ৪-৫ টা প্ৰতিস্থানৰ পৰা ঋণ লোৱা দেখা গৈছে | ৰাজ্যখনৰ বিভিন্ন ঠাইত প্ৰভাৱ বিস্তাৰ কৰা এনে বে-চৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ ভিতৰত বন্ধন বেংক, আৰ জি ভি এন, এইচ ডি এফ চি, আৰোহণ, এল এন টি, ছেটিংছ আদি প্ৰতিস্থানৰ পৰা মহিলা সকলে ক্ষুদ্ৰ ক্ষুদ্ৰ ঋণ গ্ৰহণ কৰিছে যদিও ধনৰ সঠিক ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ঘৰুৱা বিভিন্ন সা- সামগ্ৰী লোৱাত ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত কঠোৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে| আনহাতে, চৰকাৰ- প্ৰশাসনে এই বিত্তীয় প্ৰতিষ্ঠানৰ সমূহৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ ব্যৱস্থা নকৰাৰ সুযোগ লৈ এই প্ৰতিষ্ঠান সমূহে সৰ্বসাধাৰণ গ্ৰাহকক সহজে ঋণ প্ৰদান কৰি নিজৰ ব্যৱসায় বৃদ্ধি কৰিছে । চৰকাৰে এই বৃত্তীয় প্ৰতিষ্ঠান সমূহৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ মূলক ব্যৱস্থা গ্ৰহণ নকৰিলে গ্ৰাম্যাঞ্চল সমূহত এক ভয়ানক পৰিবেশ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ।

ডিব্ৰুগড় জিলাৰ খোৱাঙত বিত্তীয় প্ৰতিষ্ঠানে চলাইছে লুণ্ঠন

ABOUT THE AUTHOR

...view details