অসম

assam

ETV Bharat / state

নিৰ্মীয়মাণ অৱস্থাত থকা Solid Waste Management প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ - নিযুক্তি

ডিব্ৰুগড়ৰ লেকাইত নিৰ্মাণ কৰি থকা 'Solid Waste Management' প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে স্থানীয় লোকক নিযুক্তিত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ যোগেদি বহু দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব বুলিও আশাবাদী ।

CM Visits Solid Waste Management Project At Dibrugrah
নিৰ্মীয়মাণ অৱস্থাত থকা Solid Waste Management প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

By

Published : Sep 10, 2020, 5:40 PM IST

ডিব্ৰুগড়, 10 ছেপ্তেম্বৰ :বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ লেকাইত নিৰ্মাণ কৰি থকা 'Solid Waste Management'প্ৰকল্প পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । প্ৰায় 70 কোটি টকা ব্যয়ৰে নিৰ্মাণ হৈ থকা প্ৰকল্পটো পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীয়ে সন্তুষ্টি প্ৰকাশ কৰে । অৱশ্যে বৰ্তমান প্ৰকল্পটোৰ আৰু দুটা
চেট নিৰ্মাণৰ কাম বাকী থকা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালে ।

নিৰ্মীয়মাণ অৱস্থাত থকা Solid Waste Management প্ৰকল্প পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

আৱৰ্জনাৰ পৰা কেইবাটাও মূল্যৱান বাঅ' প্ৰডাক্ট অৰ্গেনিক মেনিঅৰ, ডিজেল,পঁকী পথ নিৰ্মাণত ব্যৱহৃত গ্ৰেনোল উৎপাদন কৰিব পৰা যাব এই প্ৰকল্পৰ সহায়ত । অৰ্থাত এই 'waste' ক এনাৰ্জি হিচাপে ব্যৱহাৰ কৰা হ'ব এই প্ৰকল্পৰ যোগেদি । এই প্ৰকল্পৰ যোগেদি জাবৰৰ পৰা শক্তি উৎপাদন কৰি মানৱ সমাজৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা অসম চৰকাৰৰ ।

210 বিঘা ভূমিত 2015 চনত আৰম্ভ হোৱা প্ৰকল্পটোৰ চাৰিসীমাৰ বেৰাৰ কাম বদ্ৰীৰাই‘কনষ্ট্ৰাকচন সম্পন্ন কৰাৰ বিপৰীতে অৱশিষ্ট কাম নিৰ্মাণকাৰী প্ৰতিষ্ঠান ব্লেকবেৰীৰ দ্বাৰা কৰি থকা হৈছে ৷ অৱশ্যে ব্লেকবেৰীৰ কামৰ গতি যথেষ্ট লেহেমীয়া গতিত আগবাঢ়ি থকাৰ বাবে স্থানীয় লোক অসন্তুষ্ট প্ৰকাশ কৰিছিল ৷ কিন্তু নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে কয় যে, স্থানীয় ৰাইজৰ বাবেই এই ঠাইত প্ৰকল্প সম্ভৱ হৈছে । প্ৰকল্প সম্পূৰ্ণ হৈ উঠিলে স্থানীয় লোকক নিযুক্তিত অগ্ৰাধিকাৰ দিয়া হ'ব বুলি জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।

উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰা ডিব্ৰুগড়ত জাবৰ পেলোৱাৰ বিশেষ স্থান নাছিল বাবেই ডিব্ৰুগড়ৰ মাইজানত বছৰ বছৰ ধৰি এই আৱৰ্জনা পেলাই অহাক লৈ সৃষ্টি হৈ আহিছিল সমস্যাৰ । মুখ্যমন্ত্ৰীয়ে এই প্ৰকল্পৰ যোগেদি বহু দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব বুলিও আশাবাদী ।

লগতে পঢ়ক : পথৰ দুৰৱস্থাৰ বাবে নৰক যন্ত্ৰণাৰ সন্মুখীন উত্তৰ অভয়াপুৰীবাসী

ABOUT THE AUTHOR

...view details