অসম

assam

ডিব্ৰুগড়ৰ শিশুগৃহত মুখ্যমন্ত্ৰীঃ শিশুৰ মুখেৰে গীত শুনি আত্মবিভোৰ সোণোৱাল

By

Published : May 14, 2019, 2:47 AM IST

ডিব্ৰুগড়ৰ চৌকিডিঙী উদয়পুৰত থকা প্ৰেৰণা শিশু গৃহত এজাক কণমানিৰ সৈতে সময় অতিবাহিত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শিশু সকলৰ সৈতে কেক কটাৰ লগতে তেওঁলোকৰ মুখেৰে দেহ বিচাৰ গীত শুনি আত্মবিভোৰ হৈ পৰিল মুখ্যমন্ত্ৰী গৰাকী ৷

ডিব্ৰুগড়ৰ শিশুগৃহত মুখ্যমন্ত্ৰীঃ শিশুৰ মুখেৰে গীত শুনি আত্মবিভোৰ সোণোৱাল

ডিব্ৰুগড়ৰ চৌকিডিঙী উদয়পুৰত থকা প্ৰেৰণা শিশু গৃহত এজাক কণমানিৰ সৈতে সময় অতিবাহিত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শিশু সকলৰ সৈতে কেক কটাৰ লগতে তেওঁলোকৰ মুখেৰে দেহ বিচাৰ গীত শুনি আত্মবিভোৰ হৈ পৰিল মুখ্যমন্ত্ৰী গৰাকী ৷

শিশু গৃহটোত উপস্থিত হৈ শিশু গৃহৰ বিভিন্ন সুবিধা-অসুবিধাৰ বুজ লোৱাৰ লগতে দেশৰ ভৱিষ্যৎ নিৰ্মাণ কৰাৰ বাবে শিশুসকলক সু-নাগৰিক ৰূপে গঢ়ি তোলাৰ অৰ্থে চৰকাৰৰ কৰণীয় খিনি কৰিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে গৃহটো পৰিচালনা কৰাৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ইমানেই নহয়, মুখ্যমন্ত্ৰীয়ে শিশু সকলৰ মাজত সামান্য উপহাৰো বিতৰণ কৰে ।

আনহাতে বিভিন্ন অসুবিধাৰ মাজেৰেও শিশু গৃহত থকা 47 টি শিশুক বিভিন্ন জনৰ সহযোগিতাত পৰিচালনা কৰি আহিছে গৃহটোৰ পৰিচালক জোৎস্না সোণোৱালে ৷ এই পৰ্যন্ত ৰাজ্য চৰকাৰৰ পৰা বিশেষ সুবিধা লাভ কৰা নাই যদিও চৰকাৰে শিশু সকলৰ বাবে ভৱিষ্যতৰ দিনত সহযোগিতা কৰাৰ বাবে আগবাঢ়ি আহিব বুলি আশা কৰে পৰিচালকগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details