অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অক্সিজেন প্ৰকল্প পৰিদৰ্শন - অক্সিজেন প্লান্ট

শনিবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ মুকলি কৰা দুটাকৈ অক্সিজেন প্লাণ্ট মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৰিদৰ্শন কৰাৰ লগতে শুকুৰবাৰে নিশা অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডৰ আইচিইউ কক্ষত সংঘটিত হোৱা অগ্নিকাণ্ড ঘটনাৰ পৰিস্থিতিৰ সন্দৰ্ভতো বুজ লয় মুখ্যমন্ত্ৰী সোণোৱালে । আনহাতে, এগজিট পল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মুখ্যমন্ত্ৰীৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অক্সিজেন প্ৰকল্প পৰিদৰ্শন
মুখ্যমন্ত্ৰীৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অক্সিজেন প্ৰকল্প পৰিদৰ্শন

By

Published : May 1, 2021, 6:26 PM IST

ডিব্ৰুগড়,1 মে’: শনিবাৰে অসম চিকিৎসা মহাবিদ্যালয়ত নতুনকৈ মুকলি কৰা দুটাকৈ অক্সিজেন প্লাণ্ট পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অসমতো যাতে মহামাৰী ক'ভিড ১৯ ৰ ব্যাপক সংক্ৰমণ হৈ অক্সিজেনৰ অভাৱত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু ৰোগীয়ে অক্সিজেনৰ অভাৱত অকালতে মৃত্যুবৰণ কৰিব লগা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত দুটাকৈ অক্সিজেন প্লাণ্ট উৎপাদন কৰা হয় ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে মেডিকেল কলেজখনত বৰ্তমান চিকিৎসাধীন হৈ থকা ৰোগীসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে কৰ্তৃপক্ষক আহ্বান জনোৱাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি আৰু অধীক্ষক প্ৰশান্ত দিহিঙীয়াসহ বিভাগসমূহৰ মুৰব্বীসকলৰ সৈতে এক আলোচনাত মিলিত হয় । উল্লেখযোগ্য যে, নতুনকৈ মুকলি কৰা অক্সিজেন প্লাণ্ট দুটাত দৈনিক 100 টাকৈ মুঠ 200 টা ডাঙৰ অক্সিজেন চিলিণ্ডাৰ উৎপাদন কৰিছে ।

মুখ্যমন্ত্ৰীৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অক্সিজেন প্ৰকল্প পৰিদৰ্শন

আনহাতে, মুখ্যমন্ত্ৰী সোণোৱালে শুকুৰবাৰে নিশা অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডৰ আইচিইউ কক্ষত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ঘটনাৰ পৰিস্থিতিৰ সন্দৰ্ভতো বুজ লয় । জানিব পৰা মতে, শুকুৰবাৰে নিশা প্ৰায় 1.30 বজাত হঠাৎ ক’ভিড ৱাৰ্ডৰ আইচিইউৰ এখন চিলিং ফেনত শ্ব’ৰ্ট চাৰ্কিট হৈ অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে চিকিৎসাধীন হৈ থকা 133 গৰাকী ৰোগীসহ ভেণ্টিলেচনত থকা 20 গৰাকী ৰোগীৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল ।

আনকি অক্সিজেন লৈ কৃত্ৰিম শ্বাস-প্ৰশ্বাস লৈ থকা ৰোগীসকলো অগ্নিকাণ্ড সংঘটিত হোৱা মহলাৰ পৰা তললৈ নামি আহিব লগাৰ দৰে পৰিস্থিতি সৃষ্টি হৈছিল । মুখ্যমন্ত্ৰী গৰাকীয়ে অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ফেনৰ বিসংগতি হোৱাৰ বাবে এনে ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে ।

অক্সিজেন প্লাণ্ট আৰু অগ্নিকাণ্ডৰ ঘটনাৰ সন্দৰ্ভত বুজ লোৱাৰ উপৰিও নিৰ্বাচনৰ এগজিট পল সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে । ভোট গণনালৈ আৰু কেইটামান ঘণ্টা থকাৰ আগমুহুৰ্তত ডিব্ৰুগড়ত সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘আকৌ এবাৰ বিজেপি চৰকাৰ’ বুলি কোৱাৰ লগতে ভাল কাম কৰিলে ভাল ফল পায় বুলি মন্তব্য প্ৰকাশ কৰে ৷ ইতিমধ্যে এগজিট পলৰ জৰিয়তে সকলোৱে ৰাজ্যত বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ হ’ব বুলি ঘোষণা কৰিছে ।

লগতে পঢ়ক : অসম চিকিৎসা মহাবিদ্যালয়ত ক’ভিড ৱাৰ্ডত জুই

ABOUT THE AUTHOR

...view details