অসম

assam

ETV Bharat / state

মানৱীয়তাৰ খাতিৰত QUIPPO ৰ দুই বিষয়াক মুক্তি দিয়ক: মুখ্যমন্ত্ৰী সোণোৱাল - QUIPPO ৰ দুই বিষয়াক মানবীয়তাৰ খাতিৰত মুক্তি দিবলৈ পৰেশ বৰুৱাক আহ্বান

আলফা(স্বাঃ)ৰ দ্বাৰা অপহৃত QUIPPO ৰ দুই বিষয়াক মানবীয়তাৰ খাতিৰত মুক্তি দিবলৈ পৰেশ বৰুৱাক আহ্বান জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আলফাৃ(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ অহাৰো আহ্বান জনাইছে সোণোৱালে ৷

A_dib_807_CM_REACTION_ON_KIDNAPPING_AS10043
সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ অহাৰো আহ্বান জনাইছে সোণোৱালে

By

Published : Feb 20, 2021, 7:53 PM IST

ডিব্ৰুগড়, 20 ফেব্ৰুৱাৰী:মানবীয়তাৰ খাতিৰত Quippo ৰ দুই বিষয়াক অতি শীঘ্ৰে মুক্তি দিবলৈ আলফা স্বাধীনক আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ৷ ডিব্ৰুগড়ত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ জৰিয়তে Quippo ৰ দুই বিষয়াক অতি শীঘ্ৰে মুক্তি দিবলৈ আহ্বান জনোৱাৰ লগতে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক পুনৰ এবাৰ আলাপ আলোচনালৈ আহিবলৈ আহ্বান জনায় ৷

পৰেশ বৰুৱাক আলোচনাৰ মাজলৈ অহাৰো আহ্বান মুখ্যমন্ত্ৰীৰ

অসমৰ বুকুত এনে ধৰণৰ যিমান সশস্ত্ৰ সংগ্ৰামী আছিল প্ৰায় সংখ্যকেই চৰকাৰৰ সৈতে আলাপ আলোচনা কৰি বুজাবুজি চুক্তিত উপনীত হৈছে বুলি মন্তব্য কৰি সোণোৱালে পৰেশ বৰুৱাকো আলোচনাৰ মাজলৈ আহিবলৈ জনায় ৷ সোণোৱালে কয় যে, "এন ডি এফ বিৰ লগতে কাৰ্বি আংলঙৰ বহু সশস্ত্ৰ সংগ্ৰামীয়ে, উগ্ৰপন্থী গোটে চৰকাৰৰ লগত আলাপ আলোচনা কৰি শান্তি চুক্তিত স্বাক্ষৰ কৰিছে ৷ পৰেশ বৰুৱা ডাঙৰীয়াকো আহ্বান জনাইছো, আমাৰ আলোচনাৰ দুৱাৰ মুকলি আছে ৷ আমি বিশ্বাস কৰো আলোচনাৰ মাজেৰে সকলো সমস্যাৰ সমাধান হয় ৷"

লগতে পঢ়ক:অপহৃত কুইপৰ দুই বিষয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অইলে

ABOUT THE AUTHOR

...view details