অসম

assam

বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ মুৰব্বীৰ সৈতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৈঠক

By

Published : Sep 11, 2020, 11:11 AM IST

ক’ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্রেক্ষিত পাঠদান তথা পৰীক্ষা অনুষ্ঠিতকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যকে ধৰি বিভিন্ন মহাবিদ্যালয় অধ্যক্ষসকলৰ বৈঠক ।

cm_meeting
বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ মুৰব্বীৰ সৈতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৈঠক

ডিব্ৰুগড় :সাম্প্রতিক জটিল পৰিস্থিতিৰ সময়ত মনােবল অটুত ৰখাৰ দিশত শিক্ষক-শিক্ষয়িত্ৰী সকলক ছাত্র ছাত্রীসকলৰ সৈতে নিয়মীয়াকৈ টেলিফোনিক বার্তালাপ কৰিবলৈ আহ্বান মুখ্যমন্ত্রীৰ । ক’ভিড সৃষ্ট পৰিস্থিতিৰ পৰিপ্রেক্ষিত পাঠদান তথা পৰীক্ষা অনুষ্ঠিতকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যকে ধৰি বিভিন্ন মহাবিদ্যালয় অধ্যক্ষসকলৰ বৈঠক ।

অনলাইন তথা অফলাইন পদ্ধতিৰে শিক্ষা তথা পৰীক্ষা অনুষ্ঠিত কৰা, নতুন শিক্ষা নীতি ৰূপায়ণ সম্বন্ধে ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ সভা কক্ষত মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ সৈতে অধ্যক্ষসকলৰ এক বৈঠক অনুষ্ঠিত হয় ৷ বৈঠকত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড° ৰঞ্জিত তামুলী , অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডা° হিৰণ্য কুমাৰ গোস্বামীকে ধৰি ২৫ খন মহাবিদ্যালয়ৰ অধ্যক্ষসকল উপস্থিত থাকে ।

উক্ত বৈঠকত সম্প্রতি এই জটিল পৰিস্থিতিৰ সময়ত অনলাইন পদ্ধতিৰে শিক্ষা প্রদান, পৰীক্ষা অনুষ্ঠিত কৰা আৰু অফলাইন পদ্ধতিৰে পৰীক্ষা আদি অনুষ্ঠিত কৰা সম্পর্কত বিস্তৃতভাৱে আলােচনা কৰা হয় । নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰূপায়ণৰ বিভিন্ন দিশ সম্পর্কেও বিতংভাবে আলােচনা কৰা হয় বৈঠকত । ছাত্র-ছাত্রীসকলেও এই পৰিস্থিতিত যথেষ্ট সজাগ, সচেতন, সতর্ক হৈ নিজৰ নিজৰ বিদ্যায়তনিক দিশ আগবঢ়াই নিয়াৰ দিশত প্রচেষ্টা অব্যাহত ৰাখিব লাগিব বুলি মুখ্যমন্ত্রীয়ে কয়।

বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ মুৰব্বীৰ সৈতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বৈঠক

মহাবিদ্যালয়ৰ অধ্যক্ষসকলেও দুর্বল ম’বাইল নেটৱৰ্ক, স্মার্ট ফ'নৰ অভাৱৰ বাবে অনলাইন শ্রেণীৰ জৰিয়তে সীমিত সংখ্যক ছাত্র-ছাত্রীক সামৰি ল'ব পৰা, প্রায়ােগিক শ্রেণীসমুহ আগবঢ়াই নিয়াৰ ক্ষেত্রত সন্মুখীন হােৱা সমস্যা ইত্যাদিৰ কথা উল্লেখ কৰি ইয়াৰ বাবে বাস্তৱিক ব্যৱস্থা লােৱাৰ ওপৰত গুৰুত্ব আৰােপ কৰি উপযুক্ত কার্য ব্যৱস্থা গ্রহণৰ বাবে মুখ্যমন্ত্রীক আহ্বান জনায় । বৈঠকত কেন্দ্রীয় খাদ্য সংসাধন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, বিধায়কদ্বয় ক্রমে প্রশান্ত ফুকন, তেৰছ গােৱালা উপস্থিত থাকে ।

লগতে পঢ়ক :চীনৰ বৈদেশিক মন্ত্ৰীৰে মস্কোত মিলিত হ'ব মন্ত্ৰী জয়শংকৰ

ABOUT THE AUTHOR

...view details