মৰাণ, 14 মাৰ্চ:অসমৰ সৰ্বাংগীন উন্নতিৰ বাবে ৰাইজে এইবাৰ পুনৰ বিজেপিক জয়ী কৰোৱাৰ সিদ্ধান্ত লৈছে বুলি এক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দেওবাৰে চাবুৱা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পুনাকণ বৰুৱাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰে ৷ বিগত পাঁচটা বছৰত বিজেপি নেতৃত্বাধীন চৰকাৰে কৰি অহা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰি সোণোৱালে কয় যে, বিজেপিৰ নেতৃত্বত অসম বিভিন্ন ক্ষেত্ৰত আগুৱাই গৈছে আৰু অসমৰ সৰ্বাংগীন উন্নতিৰ বাবে যে বিজেপি চৰকাৰৰ প্ৰয়োজন আছে সেই কথা ৰাইজে ইতিমধ্যে বুজি পাইছে ৷
অগপ প্ৰাৰ্থী পুণাকন বৰুৱাক হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰিবলৈ চাবুৱাবাসীক আহ্বান জনাই গৃহ সমষ্টিটোৰ ৰাইজৰ পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে আশীৰ্বাদ বিচাৰে ৷ উল্লেখ্য যে, দেওবাৰৰ দিনটোতে চাবুৱা সমষ্টিৰ অন্তৰ্গত তিনিচুকীয়াৰ বৰগুৰি যুৱক সংঘৰ প্ৰেক্ষাগৃহত কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজয় ফুকনৰ হৈ ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাছতে একেটা দিনতেই হাজাৰৰো অধিক দলীয় কৰ্মীৰ উপস্থিতিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পুণাকন বৰুৱাৰ হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলায় ৷