অসম

assam

ETV Bharat / state

শ্ৰী শ্ৰী বকুল দুৰ্গাপূজাত মাৰ চৰণত আশিস ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - শ্ৰী শ্ৰী বকুল দুৰ্গাপূজাত মাৰ চৰণত আশীষ বিচাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

উজনিৰ অন্যতম শক্তিপীঠ হিচাপে খ্যাত শ্ৰী শ্ৰী বকুল দুৰ্গা পূজাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মা দুৰ্গাৰ চৰণত আঁঠু লৈ ৰাজ্যবাসীৰ কুশল কামনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ঐতিহাসিক বকুল দুৰ্গাপূজাত মুখ্যমন্ত্ৰী সোণোৱাল

By

Published : Oct 6, 2019, 9:45 PM IST

ডিব্ৰুগড়, 6 অক্টোবৰঃ উজনিৰ অন্যতম শক্তিপীঠ হিচাপে খ্যাত শ্ৰী শ্ৰী বকুল দুৰ্গা পূজাত দেওবাৰে মহা অষ্টমীৰ দিনা উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মা-দূৰ্গাৰ শ্ৰী চৰণত আঁঠু লৈ ৰাজ্যবাসীৰ হৈ কুশল কামনা কৰে । উল্লেখযোগ্য যে, অসমৰ অন্যতম প্ৰাচীন এই ধৰ্মীয়স্থলটিত স্বৰ্গদেউ প্ৰতাপ সিংহ ৰাজত্বকালত মোমাই তামুলী বৰবৰুৱা বিষয়াৰ নেতৃত্বত ঐতিহাসিক এই বকুলৰ পূজা আৰম্ভ কৰা হৈছিল । ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত বকুলত আহোম স্বৰ্গদেউ প্ৰতাপ সিংহ বা চুডাংফাৰ(১৬০৩-১৬৪১) শাসনকালত মোমাই তামুলী বৰবৰুৱা তত্বাৱধানত পালিত হোৱা বুলি প্ৰবাদ আছে ।

প্ৰায় পাঁচশ বছৰ অতিক্ৰম কৰা শ্ৰীশ্ৰী বকুলৰ দুৰ্গাপূজালৈ কেৱল উজনি অসমৰে নহয় বৰঞ্চ সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ তথা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিবছৰে লক্ষাধিক ভক্তৰ সমাগম হয় । জনশ্ৰুতি অনুসৰি এই পূজাত নৰ বলি পৰ্যন্ত দিয়া হৈছিল । পাঁচটা নৰমুণ্ড পুতি থোৱা স্থানত আজিও পঞ্চমন্দিৰ আসন অধিষ্ঠিত হৈ আছে । পাছলৈ মহ বলী দিয়া হৈছিল যদিও আজি মহাঅষ্টমী দিনটোত সহস্ৰাধিক ছাগলী, হাহ, পাৰ কোমোৰা আদি দেৱীৰ শ্ৰীচৰণত অৰ্ঘ হিচাপে উচৰ্গা কৰা হয় ।

ঐতিহাসিক বকুল দুৰ্গাপূজাত মুখ্যমন্ত্ৰী সোণোৱাল

ABOUT THE AUTHOR

...view details