অসম

assam

By

Published : Jan 16, 2020, 8:22 PM IST

ETV Bharat / state

ৰাজ্যবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

বৃহস্পতিবাৰে ডিব্ৰুগড়স্থিত বাসগৃহৰ পৰা ৰাজ্যবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

মুখ্যমন্ত্ৰী
ৰাজ্যবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

ডিব্ৰুগড়,16 জানুৱাৰীঃৰাজ্যবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ লক্ষী নগৰস্থিত বাসগৃহত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ভোগালী বিহু উপলক্ষে সাংবাদিকৰ সৈতে হোৱা মত-বিনিময় অনুষ্ঠানত শুভেচ্ছা জনাই সোণোৱালে। চৰকাৰে ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ আৰু সম্ভাৱনাক অধিক উজ্জীৱিত কৰিবৰ বাবে চেষ্টা কৰাৰ উপৰিও পৰম্পৰা,কৃষ্টি সংস্কৃতি,ভাষা অটুট থাকিব বুলিও মন্তব্য কৰে ।

ৰাজ্যবাসীলৈ ভোগালী বিহুৰ শুভেচ্ছা মুখ্যমন্ত্ৰীৰ

লগতে খিলঞ্জীয়াৰ আশা আকাংক্ষা নিষ্ঠাৰে পালন কৰা,অসমীয়াৰ মাটি ভেটি সুৰক্ষিত কৰাৰ বাবে ভূমি নীতি,ভাষা নীতি গ্ৰহণ কৰা হৈছে বুলিও মন্তব্য কৰে। তাৰোপৰি অনাগত দিনত খিলঞ্জীয়া ভূমিপুত্ৰক সুৰক্ষিত কৰাৰ বাবে দায়বদ্ধতাৰে কাম কৰি যাম। অসমক দক্ষিণ পূৱ এছিয়াৰ ভিতৰত এখন উল্লেখযোগ্য ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে অসমবাসীৰ সহযোগিতা কামনা কৰিলে সৰ্বানন্দ সোণোৱালে ।

আৰু পঢকঃ গোলাঘাটত বাইক চুৰিৰ অপৰাধত যুৱকক লপা-ঠপা

ABOUT THE AUTHOR

...view details