অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ত অসমৰ দ্বিতীয় সৰ্ববৃহৎ সংগ্ৰহালয় উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

বুধবাৰে ডিব্ৰুগড়ত অসমৰ দ্বিতীয় সৰ্ববৃহৎ সংগ্ৰহালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।সংগ্ৰহালয়টো নিৰ্মাণৰ নামত ব্যয় হৈছে মুঠ 343.41 লাখ টকা ৷ এই সংগ্ৰহালয়টোৱে পৰ্যটকৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক যথেষ্ট সহায় কৰিব বুলি মুখ্যমন্ত্ৰী সোণোৱালে সদৰি কৰে ৷

cm sarbananda sonowal inaugurated state 2nd largest museum in dibrugarh
ডিব্ৰুগড়ত অসমৰ দ্বিতীয় সৰ্ববৃহৎ সংগ্ৰহালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

By

Published : Dec 2, 2020, 2:31 PM IST

ডিব্ৰুগড়,2 ডিচেম্বৰ : 1987 চনৰ 16 মাৰ্চত সংগ্ৰহালয় সঞ্চালকালয়ৰ অধীনত প্ৰতিষ্ঠা লাভ কৰা ডিব্ৰুগড় জিলা সংগ্ৰহালয়ৰ নৱ নিৰ্মিত ভৱনটো বুধবাৰে উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । গুৱাহাটীৰ পিছতে অসমৰ দ্বিতীয় সৰ্ববৃহৎ সংগ্ৰহালয়টো নিৰ্মাণৰ নামত ব্যয় হৈছে মুঠ 343.41 লাখ টকা ৷ সংগ্ৰহালয়টো উদ্বোধন কৰি এই সংগ্ৰহালয়টোৱে পৰ্যটকৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু গৱেষকসকলক যথেষ্ট সহায় কৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা আৰু বহু সংখ্যক গণ্য-মান্য ব্যক্তি ৷

ডিব্ৰুগড়ত অসমৰ দ্বিতীয় সৰ্ববৃহৎ সংগ্ৰহালয় উদ্বোধন মুখ্যমন্ত্ৰীৰ

উল্লেখ্য যে, ডিব্ৰুগড় জিলা সংগ্ৰহালয়টো প্ৰথমে 1987 চনত ডিব্ৰুগড় মিলন নগৰৰ এটা ভাড়াঘৰত অস্থায়ী ভাৱে স্থাপন কৰা হৈছিল । ইয়াৰ পাচত জিলা পুথিভঁৰালৰ এটা মহলাত স্থাপন কৰা হয় এই সংগ্ৰহালয়টো । বিভিন্ন সময়ত সংগ্ৰহালয়টো স্থায়ী আৰু বিজ্ঞানসন্মতভাৱে নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছিল স্থানীয় ৰাইজে ।

অৱশেষত বুধবাৰে ডিব্ৰুগড়বাসীৰ সপোন সম্পূৰ্ণ হৈ উঠে । জিলা সংগ্ৰহালয়টোত শতাধিক জনজাতীয় নৃতাত্বিক সমল, ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰমূল্যৰ সামগ্ৰী যেনে- প্ৰস্তৰ মূৰ্তি, পোৰা মাটিৰ টুকুৰা, তুলাপাত, সাঁচিপাতৰ পুথি, ঐতিহাসিক মুদ্ৰা, মুখা, বিভিন্ন জাতি-জনগোষ্ঠীৰ বস্ত্ৰ, অস্ত্ৰ-শস্ত্ৰ, বৌদ্ধ ধৰ্মীয় সামগ্ৰী, কাঠত খোদিত পৌৰাণিক শিল্পজাত সামগ্ৰী আদি সংগৃহীত হৈ আছে ।

লগতে পঢ়ক :সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে মৰাণত আৰম্ভ হৈছে অসম দিৱস

ABOUT THE AUTHOR

...view details