অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ 1278 গৰাকী ছাত্ৰীলৈ ড৹ বাণীকান্ত কাকতি বঁটা - ড৹ বাণীকান্ত কাকতি বঁটা

শনিবাৰে ডিব্ৰুগড়ত 1278 গৰাকী ছাত্ৰীক আনুষ্ঠানিকভাৱে ড৹ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই উপলক্ষে আয়োজন কৰা সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, তেৰছ গুৱালা, বিমল বৰা, চক্ৰ গগৈ, বিমল বৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ৰঞ্জিত তামুলী উপস্থিত থাকে ।

CM Sarbananda Sonowal has given scooty
ডিব্ৰুগড়ৰ 1278 গৰাকী ছাত্ৰীলৈ ড৹ বাণীকান্ত কাকতি বঁটা

By

Published : Jan 16, 2021, 10:41 PM IST

মৰাণ,16 জানুৱাৰী : ২০২০ বৰ্ষত উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰা ছাত্ৰীসকলক ৰাজ্য চৰকাৰে প্ৰদান কৰিছে ড৹ বাণীকান্ত কাকতি মেধা বঁটা । গুৱাহাটীত আনুষ্ঠানিকভাৱে এই আঁচনি মুকলি কৰাৰ পিচতে ৰাজ্যৰ ভিন্ন স্থানৰ লগতে এইবাৰ ডিব্ৰুগড়ত আনুষ্ঠানিকভাৱে ছাত্ৰীসকলক প্ৰদান কৰা হয় এই বঁটা ।

ডিব্ৰুগড়ৰ 1278 গৰাকী ছাত্ৰীলৈ ড৹ বাণীকান্ত কাকতি বঁটা

এই উপলক্ষে ডিব্ৰুগড় চহৰৰ চাউলখোৱা খেলপথাৰত শনিবাৰে এক বঁটা বিতৰণি সভাৰ আয়োজন কৰা হয় ৷ সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

উক্ত সভাতে মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনৰ 1278 গৰাকী মেধাৱী ছাত্ৰীক ড৹ বাণীকান্ত কাকতি বঁটা প্ৰদান কৰে ৷ বঁটা বিতৰণৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, ঋতুপৰ্ণ বৰুৱা, তেৰছ গুৱালা, বিমল বৰা, চক্ৰ গগৈ, বিমল বৰা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ ৰঞ্জিত তামুলী উপস্থিত থাকে ।

লগতে পঢ়ক :ৰহাত এজেপিৰ বিশাল গণ সমাবেশত লুৰিণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details