ডিব্ৰুগড়,১ মাৰ্চ:ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ ভূমি পূজন । শুকুৰবাৰে ডিব্ৰুগড়ত ৪৫০ কোটি টকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ আচঁনিৰ ভূমি পূজনেৰে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
প্ৰথমে ডিব্ৰুগড়ৰ খনিকৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ ভূমিপূজন আৰু শিলান্যাস কৰি বিশ্বমানৰ ক্ৰিকেট ষ্টেডিয়াম সহ বহুমূখী ক্ৰীড়া প্ৰকল্পৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰীৰগৰাকীয়ে । ইয়াৰ পাচতে 1 টকীয়া চাউল, সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তি যোজনা ( "অন্ন" )আঁচনিৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।
ডিব্ৰুগড়ত বহুমূলীয়া আঁচনিৰ ভূমি পূজন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ইয়াৰ লগতে ডিব্ৰুগড়ৰ সৌন্দৰ্য্য বৰ্দ্ধন আঁচনি আৰু বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন, 'এল ই ডি হাই মাষ্ট লাইট' আচঁনিৰ শুভ উদ্বোধনী অনুষ্ঠান, নলা নিৰ্মাণ প্ৰকল্পৰ ভূমিপূজন, বহুমুখী ব্যৱহাৰিক ভৱনৰ আধাৰশিলা স্থাপন আৰু তিনঠেঙীয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰক প্ৰথম প্ৰেৰণ গোটলৈ আৰু শেনচোৱা পুখুৰী উপ স্বাস্থ্য কেন্দ্ৰক ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ উন্নীতকৰণ আচঁনিৰ শুভাৰম্ভ কৰি এক জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকী ।
অনুষ্ঠানত কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰি অকৰ্মণ্যতাৰ বাবে কংগ্ৰেছৰ দিনত উন্নয়ন নহ'ল বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীগৰাকীয়ে । কেৱল এয়াই নহয়,বিজেপিৰ দুবছৰীয়া শাসন কালতে কেইবাটাও আঁচনিৰ জৰিয়তে উন্নয়নমূলক কাম কৰা বুলি কৈ কংগ্ৰেছক সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰিৰ প্ৰাকক্ষণত নিজ গৃহ জিলাত এনেদৰে কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰি চৌকিডিঙী খেলপথাৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ সহ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা সকলক প্ৰদান কৰা আনন্দৰাম বৰুৱা বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকী । এই অনুষ্ঠানত ১১৭৮ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰে আনন্দৰাম বৰুৱা বঁটা ।