ডিব্ৰুগড়, ২১ ফেব্ৰুৱাৰীঃ সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধিছে শাসনাধীষ্ঠিত বিজেপিয়ে। নিৰ্বাচনী ৰণকৌশল প্ৰস্তুতকৰণৰ বাবে বৃহস্পতিবাৰে ডিব্ৰুগড়ত বিজেপিয়ে আয়োজন কৰে এখন সাংগঠনিক সভা।
নিৰ্বাচনী ৰণডংকাৰে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সভা
২০১৯ৰ নিৰ্বাচনত বিজেপিয়ে ১২ খন আসন লাভ কৰিবঃ সৰ্বানন্দ সোনোৱাল
ডিব্ৰুগড়,লখিমপুৰ আৰু যোৰহাট সমষ্টি ভিত্তিত ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হৈছে এই বিশাল সাংগঠনিক সভা। সভাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী তপন গগৈ,হিমন্ত বিশ্ব শৰ্মা আৰু সাংসদ ৰামেশ্বৰ তেলীকে ধৰি বিজেপিৰ বিভিন্ন জননেতা। সভাত নিৰ্বাচন কেন্দ্ৰীক ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ২০১৯ ৰ নিৰ্বাচনত বিজেপিয়ে 'এক বাৰ ফিৰ মোডী চৰকাৰ' অৰ্থাৎ পুনৰাই মোডীয়ে চৰকাৰ গঠন কৰিব বুলি বদ্ধপৰিকৰ বুলি মন্তব্য আগবঢ়াই সোণোৱালে। অসমত ১৪ খন আসনৰ ১২ খনেই বিজেপিৰ দখললৈ যাব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।