ডিব্ৰুগড়,১৯ জুলাই:ৰাজ্য়জুৰি আৰম্ভ হৈছে মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানমূলক বৃক্ষৰোপন কাৰ্যসূচী(CM institutional plantation programme) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ পাছতে ডিব্ৰুগড়ৰ লাহোৱাল উন্নয়ন খণ্ডৰ সমীপত মুখ্যমন্ত্ৰীৰ প্ৰতিষ্ঠানমূলক বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে(DC Bishwajit Pegu participates in plantation programme in Dibrugarh) ।
এই কাৰ্যসূচীত লাহোৱাল উন্নয়ন খণ্ডৰ অন্তৰ্গত সকলো গাঁও পঞ্চায়তৰ সভাপতি,সভানেত্ৰীয়ে অংশগ্ৰহণ কৰে । শুভাৰম্ভণি অনুষ্ঠানৰ আঁত ধৰে লাহোৱাল উন্নয়ন খণ্ডৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বেদব্ৰত পেগুয়ে । জিলা উপায়ুক্ত গৰাকীক সংগ দিয়ে ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজিৰাণী গোহাঁইয়ে ।