ডিব্ৰুগড়,১৬ অক্টোবৰ:ডিব্ৰুগড়ত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৽ হিমন্ত বিশ্ব শৰ্মা । দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় চহৰৰ উপকন্ঠ অঞ্চল মাইজান আৰু নগাঘূলীত অব্যাহত থকা ভয়াবহ গৰাখহনীয়াস্থলিত উপস্থিত হৈ সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰে(CM inspects erosion in maijan) । গৰাখহনীয়াস্থলিত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে । চৰকাৰ আৰু জলসম্পদ বিভাগৰ পৰা এই খহনীয়া প্ৰতিৰোধৰ বাবে সকলো ধৰণৰ চিন্তা আৰু কাম কৰা হৈছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(Prevention of floods and erosion) । তথাপিও নদীৰ সৈতে যুদ্ধ কৰাতো ইমান সহজ নহয় বুলিও মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
উল্লেখ্য যে বিগত এমাহ ধৰি মাইজানত অব্যাহত থকা মহাবাহু ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত ইতিমধ্যে অঞ্চলটোৰ ৪০০ মিটাৰ মাটি নদীৰ বুকুত বিলীন হৈ গৈছে(Erosion in Dibrugarh) । ১৫০ মিটাৰ সুৰক্ষা বান্ধ চিঙি নিছে খহনীয়াই । কেইবাটাও বাসগৃহ ব্ৰহ্মপুত্ৰৰ বুকুত নিঃশেষ হৈছে । লগতে ৫০টা পৰিয়ালে বৰ্তমান মথাউৰিৰ ওপৰত বসবাস কৰিবলগীয়া হৈছে । খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰৰ সমানে সমানে নামি পৰিছে ৰাইজ ।