ডিব্ৰুগড়, 21 জুন :আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস(International Yoga Day 2022) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে সমান্তৰালকৈ ডিব্ৰুগড়তো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয়(International Yoga Day celebrate in Dibruargh) । ৰাজ্য চৰকাৰৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হোৱা এই যোগ দিৱসত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Sarma in Dibruargh) ৷
অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোগাভ্যাসৰ যোগেদি মানুহে শৰীৰ আৰু মন সুস্থ কৰি তুলিব পাৰিব বুলি উল্লেখ কৰে । আজিৰ এই অনুষ্ঠানত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, সাংস্কৃতিক দপ্তৰৰ মন্ত্ৰী বিমল বৰা আদিকে ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিধায়ক সকলে অংশগ্ৰহণ কৰে । 'মানৱতাৰ বাবে যোগ' ৰ্শীৰ্ষক থীম লৈ পুৱাৰ ভাগত আৰম্ভ হোৱা এই যোগ দিৱসত জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা প্ৰায় পাঁচ হাজাৰৰো অধিক যোগৰ অনুৰাগীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ।