মৰাণ, 5 জানুৱাৰী:মৰাণৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰে বিজেপিত যোগদান কৰিব বুলি সৰৱ চৰ্চা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘চৰকাৰী অনুষ্ঠানলৈ মাতিলেই পৱন সিং ঘাটোৱাৰ আহে । ডিব্ৰুগড়লৈ আহিলেই পৱন সিং ঘাটোৱাৰ মোৰ লগতে থাকে । ঘাটোৱাৰৰ লগত মোৰ বহুত দিনৰ সম্পৰ্ক । কিন্তু তেওঁৰ লগত কোনো ৰাজনৈতিক কথা নাপাতো’’ । লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, এই বয়সত তেওঁক বিজেপিত যোগদান কৰিবলৈ অনুৰোধ কৰা নাই । কংগ্ৰেছ, চিপিএম সকলোতে ভাল মানুহ থাকিব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।