মৰাণ,২৫ এপ্ৰিল: প্ৰধানমন্ত্ৰী আগমনৰ প্ৰাক মূহুৰ্তত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma in Dibrugarh) । প্ৰধানমন্ত্ৰীৰ সভাৰ সকলো কামকাজৰ তদাৰক কৰিলে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । দেওবাৰৰ পৰাই ডিব্ৰুগড়ত বাহৰ পাতি থকাৰ লগতে সকলো কামৰ ওপৰত বুজ লোৱাৰ উপৰিও প্ৰত্যেকটো বিভাগৰ উচ্চপদস্থ বিষয়া সকলৰ লগত আলাপ আলোচনাতো মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী (CM inspects the preparations for Modi's Assam visit)।
নিশাৰ ভাগত অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণ হৈ থকা কেন্সাৰ হাস্পতালখন পৰিৰ্দশন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে (Cancer hospital in AMCH)। লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ ৩০০ বিচনাযুক্ত অত্যাধুনিক সা-সৰঞ্জাম মেচিনজাত যন্ত্ৰপাতি থকা হাস্পতালখনে ৰোগী সকললৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।