ডিব্ৰুগড়, 1 অক্টোবৰ : ধেমাজি কেবিনেট বৈঠকত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় পৌৰসভাক পৌৰনিগম হিচাপে ঘোষণা কৰাৰ পাছতে ডিব্ৰুগড়ত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ধেমাজিৰ বৈঠকৰ পৰা পোনে পোনে ডিব্ৰুগড়ত নিশা কটাই পুৱাৰ পৰা কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে । গুৱাহাটীৰ পৌৰ নিগমত কৈ ডিব্ৰুগড়ক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে ।
গুৱাহাটীৰ পৌৰনিগমৰ পাছতে ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ পৌৰসভাক ধেমাজি কেবিনেটত পৌৰনিগম হিচাপে ঘোষণা কৰি ডিব্ৰুগড়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ এই ঘোষণা । ডিব্ৰুগড়ত শুকুৰবাৰে দুখনকৈ গুৰুত্বপূৰ্ণ সেঁতুৰ নিৰ্মাণকাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়বাসীক দিলে এই আশ্বাস । ২০১৯-২০ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ আঁচনিৰ অধীনত ডিব্ৰুগড় কনভয় ৰোড আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ ওপৰত প্ৰায় ৫০ কোটি টকাৰে বহু প্ৰত্যাশিত এখন উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।