মৰাণ, 19 জুন : ক’ভিডৰ এই জটিল পৰিস্থিতিৰ মাজতো ৰাজ্যত উন্নয়ন খৰতকীয়া কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলা ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে ৷ উল্লেখ্য যে, দুদিনীয়াসূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ অহা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকো নৱ নিৰ্মিত ক'ভিড কেয়াৰ হাস্পতাল পৰিদৰ্শনত সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আন আন জিলাৰ লগতে শনিবাৰে দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে ডিব্ৰুগড়ত উপস্থিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷
জানিব পৰা মতে, মন্ত্ৰীজনৰ কাৰ্যসূচী অনুসৰি শনিবাৰে ডিব্ৰুগড়ত উপস্থিত হৈ ১২০ নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰ(Namrup Thermal Power Station), অসম পেট্ৰ' কেমিকেলচ লিমিটেড(Assam Petro-chemicals Limited) আৰু ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন(Brahmaputra Valley Fertilizer Corporation)ত কামৰ খতিয়ান বুজ লোৱাৰ লগতে বিষয়া সকলৰ লগত আলোচনাত মিলিত হ’ব ৷