ডিব্ৰুগড়, ১৬ আগষ্ট:দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো বৃদ্ধি পাইছে দুৰাৰোগ্য কৰ্কট ৰোগৰ সংখ্যা । দুৰাৰোগ্য ৰোগটোৰ চিকিৎসাৰ নামত ৰোগাক্ৰান্তসকলে লক্ষ লক্ষ টকা ব্যয় কৰি সৰ্বস্বান্ত হৈছে । তেনে সময়তে কোনো বৈজ্ঞানিক স্বীকৃতি নাথাকিলেও ঘৰতে বনৌষধ প্ৰস্তুত কৰি নিজৰ লগতে আন দহজন কৰ্কট ৰোগীকো সুস্থ কৰি তোলাৰ দাবী কৰিছে চাবুৱাৰ এগৰাকী মহিলাই ।
ঘৰৰ বাৰীৰ চুকৰ বনষৌধিৰেই কৰ্কট ৰোগ নিৰাময়ৰ দাবী চাবুৱাৰ ডিকম ইকৰাতলী খনিকৰ গাঁৱৰ জেউতি বৰুৱা ফুকনৰ । এইগৰাকী সাধাৰণ মহিলাই ঘৰতেই ঔষধিযুক্ত ভিন্ন গছৰ ডাল পাতৰ পৰা একাধিক ৰোগৰ ঔষধ প্ৰস্তুত কৰি বহু দুৰাৰোগ্য ৰোগীৰ জীৱন ৰক্ষা কৰাৰ দাবী কৰিছে । জেউতি বৰুৱা ফুকন নামৰ এই মহিলা গৰাকীয়ে প্ৰায় ডেৰ দশক ধৰি ব্লাড কেঞ্চাৰ, ব্ৰেইন টিউমাৰ,পাইলচ, চাইনাচ,এজমা, চকুৰ কেটেৰেক ইত্যাদি ৰোগৰ চিকিৎসা কৰি সুফল লাভ কৰি আহিছে বুলি জানিবলৈ দিয়ে ।
অসমৰ বিভিন্ন প্ৰান্তৰ ৰোগী সকলে ঔষধ সেৱন কৰি সুফল লাভ কৰি অহাৰ লগতে অসমৰ বাহিৰৰ দুৰাৰোগ্য ৰোগীয়েও তেওঁৰ পৰা চিকিৎসা গ্ৰহণ কৰে বুলি জনায় জেউতি বৰুৱা ফুকনে । উল্লেখ্য যে এই মহিলাগৰাকীৰ নিজৰে প্ৰায় ডেৰ দশক পূৰ্বে দুৰাৰোগ্য কৰ্কট ৰোগে দেখা দিছিল আৰু তেওঁ নিজেই প্ৰস্তুত কৰা ঔষধ গ্ৰহণ কৰিয়েই আৰোগ্য লাভ কৰা বুলি জানিবলৈ দিয়ে ।