অসম

assam

বানাক্ৰান্ত গাঁও পৰিদৰ্শন ডিব্ৰুগড় জিলা প্ৰশাসনৰ

By

Published : Apr 1, 2021, 5:59 PM IST

এইবাৰ বানৰ পূৰ্বেই তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । বিগত বানৰ সময়ত মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত ক্ষতিগ্ৰস্ত হোৱা গাওঁ ক্ৰমে চেঁচুঘাট, আঘোনিবাড়ী, ১ আৰু ২ নং মইনাগাঁও, হালধিবাৰী আৰু বোকাহুলাত বৃহস্পতিবাৰে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, জল সম্পদ বিভাগৰ বিষয়া উপস্থিত হৈ উক্ত গাঁৱসমূহ পৰিদৰ্শন কৰে ।

খোৱাঙৰ বানাক্ৰান্ত গাঁও পৰিদৰ্শন ডিব্ৰুগড় জিলা প্ৰশাসনৰ
খোৱাঙৰ বানাক্ৰান্ত গাঁও পৰিদৰ্শন ডিব্ৰুগড় জিলা প্ৰশাসনৰ

মৰাণ,১ এপ্ৰিল: প্ৰতি বছৰে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অধিকাংশ গাঁও বানত ডুব যায় । ফলত গাঁৱবাসীয়ে যথেষ্ঠ কষ্টেৰে দিন কটাবলগীয়া হয় । ইয়াৰ পৰিপ্ৰেক্ষিততেই বৃহস্পতিবাৰে সমষ্টিটোৰ খোৱাঙৰ বানাক্ৰান্ত গাঁওসমূহ পৰিদৰ্শন কৰে জিলাখনৰ চক্ৰ বিষয়া, জলসম্পদ বিভাগৰ বিষয়াই ।

বানাক্ৰান্ত গাঁও পৰিদৰ্শন মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, জলসম্পদ বিভাগৰ বিষয়াৰ

বিগত বানৰ সময়ত মৰাণ ৰাজহ চক্ৰৰ অন্তৰ্গত ক্ষতিগ্ৰস্ত হোৱা গাওঁ ক্ৰমে চেঁচুঘাট, আঘোনিবাড়ী, ১ আৰু ২ নং মইনাগাওঁ, হালধিবাৰী আৰু বোকাহুলাত বৃহস্পতিবাৰে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, জল সম্পদ বিভাগৰ বিষয়া উপস্থিত হৈ উক্ত গাঁৱসমূহ পৰিদৰ্শন কৰে । লগতে গাঁৱবাসীৰ সৈতে মত বিনিময় কৰে বিষয়াসকলে ।

খোৱাঙৰ বানাক্ৰান্ত গাঁও পৰিদৰ্শন ডিব্ৰুগড় জিলা প্ৰশাসনৰ

আগন্তুক বাৰিষা কালত বানৰ সময়ত ল'বলগীয়া সাৱধানতা বিশেষকৈ পশুধনৰ খাদ্য মজুতকৰণ আৰু গাঁৱসমূহত থকা স্থানীয় নাওসমূহ বানৰ সময়ত কিদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়েও আলোচনা কৰা হয় পৰিদৰ্শনকালত । ইফালে, আঘোনিবাড়িৰ পৰা চেঁচুঘাটলৈ নিৰ্মাণ হৈ থকা বান্ধ আৰু যোৱা বানত ক্ষতিগ্ৰস্ত হোৱা মাইনা গাঁৱৰ ৰিং বান্ধটো পৰিদৰ্শন কৰে বিষয়াসকলে ।

লগতে পঢ়ক: লাহৰীঘাটৰ ভূৰাগাঁৱত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details