অসম

assam

By

Published : May 6, 2021, 10:26 PM IST

ETV Bharat / state

কৰ’ণাত আক্ৰান্ত মৰাণৰ চক্ৰ বিষয়া লুকুমণি বৰা

ক'ভিড-১৯ ত আক্ৰান্ত হৈছে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লুকুমণি বৰা । চক্ৰ বিষয়া গৰাকী বিগত তিনিদিন ধৰি অসুস্থ হৈ ঘৰতে আছিল ।

Circle officer of Moran tested covid Positive
কৰ’ণাত আক্ৰান্ত মৰাণৰ চক্ৰ বিষয়া লুকুমণি বৰা

মৰাণ,6 মে’: ৰাজ্যত অব্যাহত আছে কৰ’ণা মহামাৰীৰ সংহাৰ ৷ এইবাৰ ক'ভিড-১৯ ত আক্ৰান্ত হৈছে মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লুকুমণি বৰা । চক্ৰ বিষয়া গৰাকী বিগত তিনিদিন ধৰি অসুস্থ হৈ ঘৰতে আছিল । বৃহস্পতিবাৰে চিকিৎসকৰ এটি দলে বিষয়াগৰাকীক ঘৰতে ক'ভিডৰ পৰীক্ষা কৰাত শৰীৰত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে । বৰ্তমান বিষয়া গৰাকী হোম আইচ’লেচনত আছে ।

কৰ’ণাত আক্ৰান্ত মৰাণৰ চক্ৰ বিষয়া লুকুমণি বৰা

উল্লেখ্য যে, মৰাণৰ চক্ৰ বিষয়া গৰাকীয়ে মৰাণ অঞ্চলত সক্ৰিয় ক'ভিড যোদ্ধা হিচাপে দিনে-নিশাই নিয়োজিত হৈ ৰাইজক ৰক্ষা কৰিবলৈ উল্লেখনীয় ভূমিকা গ্ৰহণ কৰি আহিছিল । ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ পৰা মৰাণ অঞ্চলৰ ৰাইজক সজাগ-সচেতন হৈ ক'ভিড প্ৰট'কল মানি চলিবলৈ আহ্বান জনাই আহিছিল বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক: বিজেপি মিত্ৰজোঁটতকৈ অধিক ভোট লাভ কংগ্ৰেছ মহাজোঁটৰ

ABOUT THE AUTHOR

...view details