অসম

assam

ETV Bharat / state

CID operation: ডিব্ৰুগড়ৰ সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যালয়ত CIDৰ অভিযান - CID raids Sonowal Kachari Autonomous Council

তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীৰ দিনত সংঘটিত প্ৰায় ৩৬২ কোটি কেলেংকাৰীৰ গোচৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যালয়ত CIDৰ অভিযান(Former CEM Dipuranjan Makrari scam) । উল্লেখ্য যে, প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীৰ বিৰুদ্ধে বহু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছিল(CID raids Sonowal Kachari Autonomous Council office) ।

CID raids Sonowal Kachari Autonomous Council office
ডিব্ৰুগড়ৰ সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যালয়ত CIDৰ অভিযান

By

Published : Oct 21, 2022, 10:19 PM IST

ডিব্ৰুগড়,২১ অক্টোবৰ:ডিব্ৰুগড়ৰ সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যালয়ত CID ৰ অভিযান । তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীৰ দিনত সংঘটিত প্ৰায় ৩৬২ কোটিৰ কেলেংকাৰীৰ সন্দৰ্ভত CID য়ে এই অভিযান চলাই(CID raids Sonowal Kachari Autonomous Council office) । অভিযোগ অনুসৰি, সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীয়ে নডেল বিষয়া হিতেন্দ্ৰ ঝাৰ দ্বাৰা সংঘটিত কৰিছিল বৃহৎ কেলেংকাৰী(Former CEM Dipuranjan Makrari scam) ।

বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে জানিবলৈ দিয়া মতে, ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ বহুকেইটা ভেণ্ডৰৰ সৈতে সামগ্ৰী যোগানৰ নামত চুক্তিবদ্ধ হৈছিল তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য দ্বীপুৰঞ্জন মাক্ৰাৰী । ইয়াৰে ৩০ কোটি টকা মোকলাই দিয়াৰ বিপৰীতে বাকী পাবলগীয়া ধন লাভ নকৰাত গোচৰ তৰিছিল ভেণ্ডৰসকলে ।

ডিব্ৰুগড়ৰ সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যালয়ত CIDৰ অভিযান

ইয়াৰ পিছতে এই বৃহৎ কেলেংকাৰীৰ তদন্তৰ বাবে ৰাজ্য চৰকাৰে চি আই ডিক অৰ্পণ কৰাত শুকুৰবাৰে প্ৰাথমিক তদন্তৰ বাবে পৰিষদীয় কাৰ্যালয়ত উপস্থিত হয় চি আই ডিৰ এটা দল । দলটোৱে পৰিষদৰ বিষয়া-কৰ্মচাৰী সকলকো সোধপোচ কৰা বুলি জানিবলৈ দিছে বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালে ।

উল্লেখযোগ্য তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰীৰ বিৰুদ্ধে বহু দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈ আহিছিল । ইয়াৰ পাছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে ক্ষমতা কৰ্তন কৰিছিল সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰীৰ (Power cuts in CEO of Sonowal Kachari Autonomous Council) ৷ পৰিষদৰ ১৯ জনকৈ সদস্যই মুখ্য কাৰ্যবাহীগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ পাছতে ন্যায়ালয়ে ২৫ জানুৱাৰীত মুখ্য কাৰ্যবাহীগৰাকীৰ ক্ষমতা কৰ্তন কৰিছিল ৷

দীৰ্ঘদিন ধৰি পৰিষদৰ সামূহিক কামকাজ আৰু সিদ্ধান্তৰ ক্ষেত্ৰত মুখ্য কাৰ্যবাহী দীপুৰঞ্জন মাক্ৰাৰীয়ে একনায়কত্ববাদ চলাই অহাৰ লগতে চৰকাৰী বিভিন্ন আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত কৰি অহাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছিল । যাৰ বাবে মুখ্য কাৰ্যবাহী গৰাকীৰ কামকাজত পৰিষদৰ সদস্যসকলে অসন্তষ্টি প্ৰকাশ কৰাৰ লগতে ১৯ জনকৈ সদস্যই ২০২১ বৰ্ষৰ ৪ ডিচেম্বৰত অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল ।

লগতে পঢ়ক:Morigaon Civil Hospital: চিকিৎসকৰ অভাৱত গৰ্ভৱতী মহিলাৰ চটফটনি

ABOUT THE AUTHOR

...view details