মৰাণ, ২১ছেপ্টেম্বৰ:জনজাতিৰ তালিকাত অসমৰ ছয় জনগোষ্ঠীৰ নাম নথকাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ (Govt cheated six communities of Assam) সাব্যস্ত কৰিছে দল-সংগঠন সমূহে । অসমৰ ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ গুৰুত্ব নিদিয়াত ক্ষুব্ধ হৈ পৰিছে (Union Cabinet led PM Modi granted ST)ৰাজ্যখনৰ দল-সংগঠন সমূহ । ইয়াৰে অংশৰূপে চুতীয়াসকলক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত বুধবাৰে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে চুতীয়া ছাত্র সন্থাই ।
উল্লেখ্য় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিৰ্বাচনৰ পূৰ্বেই ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও অসমৰ বাহিৰৰ অন্য প্ৰান্তৰ ১২ টাকৈ লোকক জনজাতিৰ স্বীকৃতি প্ৰদান কৰিলে যদিও অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ নকৰাত বুধবাৰে পুনৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰিলে ডিব্ৰুগড় জিলা সমিতিৰ চুতীয়া ছাত্ৰ সন্থাই (Chutia Students Union protest at Dibrugarh)।
জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ ধৰ্মঘট প্ৰতিবাদকাৰীসকলে যেতিয়ালৈকে ছয় জনগোষ্ঠীৰ লগতে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ (Chutia Students Union demand ST) আৰু স্বায়ত্ত শাসিত পৰিষদ (Autonomous Council demand Chutia Students Union) প্ৰদান নকৰে তেতিয়ালৈকে কাৰ্যসূচী অব্যাহত থাকিব বুলি চৰকাৰক সকীয়াই দিয়ে । প্ৰতিবাদস্থলীৰ পৰাই চুতীয়া ছাত্ৰ সন্থাৰ নেতৃত্বই চৰকাৰক তীব্ৰ সমালোচনা কৰি কয় যে বৃহত্তৰ অসমীয়া জাতি গঠন প্রক্রিয়াত সর্বোচ্চ ত্যাগ কৰা চুতীয়াসকল আজি অৱহেলিত হোৱাটো দুৰ্ভাগ্যজনক । সেয়েহে জনগোষ্ঠীটোৰ সৰ্বাংগীন উন্নয়নৰ বাবে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই দীর্ঘদিন ধৰি জনজাতিকৰণৰ দাবী জনাই অহাৰ পাছতো চৰকাৰে আজিলৈকে গুৰুত্ব প্রদান নকৰিলে ।
প্ৰতিবাদকাৰীসকলে বাৰম্বাৰ চৰকাৰৰ লগত আলোচনা কৰাৰ পাছত দুমাহৰ ভিতৰত মন্ত্ৰীগোটৰ প্রতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি আজি দুবছৰে কাৰ্যকৰী কৰা পৰিলক্ষিত নহ'ল বুলি ক্ষোভেৰে কয় । এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত চৰকাৰ ওফৰোৱাৰ হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৰ নেতৃত্বই ।
লগতে পঢ়ক:চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত উত্তাল লখিমপুৰ