মৰাণ,28 ফেব্ৰুৱাৰী: শনিবাৰে সমগ্ৰ ৰাজ্যৰ লগতে মৰাণৰ কোচ-ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ডিব্ৰুগড় জিলা সমিতিয়ে ব্যতিক্ৰমভাৱে উদযাপন কৰিলে মহাবীৰ চিলাৰায় দিৱস ৷ এই দিনটোত সংগঠনটোৱে কল্যাণ আশ্ৰমত থকা অনাথ লোকসকলক বিভিন্ন খাদ্যবস্তু দিয়াৰ লগতে চকু চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰি চশমা আদি বিতৰণ কৰে ।
মৰাণত চিলাৰায় দিৱস উদযাপন - মৰাণৰ কল্যাণ আশ্ৰমত চিলাৰায় দিৱস
মৰাণৰ কল্যাণ আশ্ৰমত কোচ-ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ ডিব্ৰুগড় জিলা সমিতিয়ে ব্যতিক্ৰমভাৱে উদযাপন কৰিলে মহাবীৰ চিলাৰায় দিৱস ৷
মৰাণৰ কল্যাণ আশ্ৰমত চিলাৰায় দিৱস উদযাপন
ইয়াৰ উপৰিও সংগঠনটোৱে ডিব্ৰুগড়ৰ অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈয়ে আগবঢ়োৱা এখন চ'লাৰ, টেঙাখাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই দিয়া এটা পানী ফিল্টাৰৰ লগতে বিভিন্নজনে আগবঢ়োৱা বহু সামগ্ৰী আশ্ৰমখনক প্ৰদান কৰে ।
লগতে পঢ়ক-"মহাজোঁট"ত চামিল হ'ব বিপিএফঃ টুইট যোগে ঘোষণা হাগ্ৰামাৰ