অসম

assam

ETV Bharat / state

ধুমুহাত ক্ষতিগ্ৰস্ত লোকক ক্ষীপ্ৰতাৰে দিয়া হ'ব সাহাৰ্য- মুখ্যমন্ত্ৰী সোণোৱাল

ধুমুহাত ক্ষতিগ্ৰস্ত সকলো লোককে চৰকাৰী সাহাৰ্য প্ৰদান কৰিবলৈ প্ৰতিখন জিলাৰ উপায়ুক্ত সকলক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ । সকলো জিলাৰ উপায়ুক্তকে বিভিন্ন বিভাগৰ মুৰব্বী সকলৰ সতে তদন্ত কৰি ক্ষতিগ্ৰস্ত লোক সকলক ক্ষীপ্ৰতাৰে সাহাৰ্য প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।

ETV BHARAt
ধুমুহাত ক্ষতি গ্ৰস্ত লোকক ক্ষীপ্ৰতাৰে দিয়া হ'ব সাহাৰ্যঃ মুখ্যমন্ত্ৰী সোণোৱাল

By

Published : Apr 24, 2020, 5:32 PM IST

ডিব্ৰুগড়, 24 এপ্ৰিলঃ ডিব্ৰুগড়ৰ জিলাৰ লেজাইত ধুমুহাত ক্ষতিগ্ৰস্ত দুখনকৈ গাঁও পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালে ৷ অঞ্চলটো পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

ধুমুহাত ক্ষতি গ্ৰস্ত লোকক ক্ষীপ্ৰতাৰে দিয়া হ'ব সাহাৰ্যঃ মুখ্যমন্ত্ৰী সোণোৱাল

উল্লেখযোগ্য যে,ক'ৰণা ভাইৰাছৰ আতংকৰ মাজতে প্ৰচণ্ড ধুমুহাই নিমিষতে তচনচ কৰি পেলোৱা ডিব্ৰুগড়ৰ লেজাই অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৃহস্পতিবাৰে নিশাৰ ভাগত অহা ধুমুহাই গাঁও সমূহত বাসগৃহৰ লগতে মুল্যৱান গছ-গছনি ভাঙি চূৰমাৰ কৰে । সমগ্ৰ অসমতে ধুমুহাই সৃষ্টি কৰা ধ্বংসলীলাত দুখ প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সোণোৱালে । ধুমুহাত ক্ষতিগ্ৰস্ত সকলো লোককে চৰকাৰী সাহাৰ্য প্ৰদান কৰিবলৈ প্ৰতিখন জিলাৰ উপায়ুক্তসকলক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। উপায়ুক্ত সকলক বিভিন্ন বিভাগৰ মুৰব্বী সকলৰ সৈতে তদন্ত কৰি ক্ষীপ্ৰতাৰে সাহাৰ্য প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে । লক ডাউনৰ সময়ত এনে দুৰ্যোগৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ তৎপৰতাৰে কৰা হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। লগতে স্বাস্থ্য বিভাগে ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে যিবোৰ নীতি নিয়ম বান্ধি দিছে এই সকলোবোৰ নীতি-নিয়ম মানি যাবলৈ সকলো ৰাইজকে আহ্বান জনায় ৷ আনহাতে,আগন্তুক বানপানীৰ বাবে ৰাজ্য চৰকাৰ সাজু থকাৰ লগতে ইতিমধ্যে মথাউৰি সমুহ খৰতকীয়াকৈ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়া বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷ লগতে মথাউৰি মেৰামতিত থকা সকলো শ্ৰমিকক সামাজিক দুৰত্ব বজাই মাস্ক পৰিধান কৰি সাবধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক-মাজুলীৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী

ABOUT THE AUTHOR

...view details