অসম

assam

ETV Bharat / state

ডিব্ৰুগড় আৰক্ষী থানাৰ নৱ নিৰ্মিত গৃহ মুকলি মুখ্যমন্ত্ৰীৰ

শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰে মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মিত ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ নৱ নিৰ্মিত গৃহ ৷

chief minister sarbananda sonowal inaugurated newly constructed building of dibrugarh police station
ডিব্ৰুগড় আৰক্ষী থানাৰ নৱ নিৰ্মিত গৃহ মুকলি মুখ্যমন্ত্ৰীৰ

By

Published : Jun 20, 2020, 7:00 PM IST

Updated : Jun 20, 2020, 9:10 PM IST

ডিব্ৰুগড়, 20 জুনঃ মৈত্ৰী আঁচনিৰ অধীনত ৰাজ্যৰ 346 খন আৰক্ষী চকীৰ প্ৰথম পৰ্যায়ত 73 আৰক্ষী থানা পুনৰ নিৰ্মাণৰ অন্তৰ্গত,ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ গৃহ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তসহ অসম আৰক্ষীৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া ৷ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী,মন্ত্ৰী নৱ দলে,যোগেন মোহন,সাংসদ কামাখ্যা তাছা,অসম আৰক্ষীৰ গৃহ নিৰ্মাণ পৰিষদৰ বিষয়ববীয়া অৰবিন্দ কলিতা আৰু কেইবগাকীও বিধায়কো উপস্থিত থাকে এই উদ্বোধনী অনুষ্ঠানত ৷

ডিব্ৰুগড় আৰক্ষী থানাৰ নৱ নিৰ্মিত গৃহ মুকলি মুখ্যমন্ত্ৰীৰ

1848 চনতে নিৰ্মাণ কৰা ডিব্ৰুগড় সদৰ আৰক্ষী থানাৰ পুৰণি গৃহটো সম্পূৰ্ণৰূপে ভাঙি এই নতুন গৃহটো নিৰ্মাণ কৰা হয় ৷ নৱ নিৰ্মিত গৃহটোত ব্যায়ামগাৰ,কনফৰেঞ্চ হ'ল লগতে থাকিব আৰক্ষীৰ পৃথক পৃথক শাখাসমূহৰ বিষয়ববীয়া সকল ৷ ইয়াৰোপৰি আৰক্ষী থানালৈ অহা ৰাইজৰ বাবে জিৰণী কক্ষ, তথ্য কক্ষ ইত্যাদিও নিৰ্মাণ কৰা হৈছে নৱ নিৰ্মিত গৃহটোত ৷ 12 বিঘা 7 লোচা পৰিসৰেৰে আবৃত্ত এলেকাৰ এই সদৰ থানা চৌহদো সজাই তোলা হৈছে সেউজীয়া গছ-গছনি আৰু দেৱালত অংকণ কৰা ভিন্ন চিত্ৰৰে ৷ এই অনুষ্ঠানত উপস্থিত থাকি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই কয়,অসম আৰক্ষীয়ে মহিলা আৰক্ষী নিয়োগৰ ব্যৱস্থা কৰিছে ৷ 2 কোটি 32 লক্ষাধিক টকা ব্যয়েৰে নিৰ্মিত এই ভৱনটোৰ সোঁফালে এটা মহিলা আৰক্ষী থানা নিৰ্মাণৰ বাবে চৰকাৰক আবেদন জনাব বুলি উল্লেখ কৰে আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে ৷

ডিব্ৰুগড় আৰক্ষী থানাৰ নৱ নিৰ্মিত গৃহ মুকলি মুখ্যমন্ত্ৰীৰ

লগতে পঢ়কঃ১০ কোটি টকাৰে নিৰ্মাণ হ'ব বটদ্ৰৱা হেকুদাংবড়ী সংযোগী পথঃ আঙুৰলতা

Last Updated : Jun 20, 2020, 9:10 PM IST

ABOUT THE AUTHOR

...view details