অসম

assam

CM visits Vineet residence: কৰযোৰে ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

By

Published : Jul 9, 2022, 7:58 PM IST

আৰক্ষীৰ ওচৰত ন্যায় নাপাই ডিব্ৰুগড়ৰ পশুপ্ৰেমী যুৱকে আত্মহত্যা কৰা ঘটনাৰ বাবে যুৱকজনৰ পৰিয়ালৰ লগতে ৰাজ্যবাসীৰ ওচৰত ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Chief Minister has apologised to Vineet family and people of Assam) ৷ শনিবাৰে যুৱকজনৰ গৃহত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘটনাৰ বাবে আৰক্ষীৰ ব্যৰ্থতা স্বীকাৰ কৰে ৷

Himanta Biswa Sarma on Vineet Bagaria Suicide Case
কৰযোৰে ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মৰাণ, 9 জুলাই: ৰাজ্যবাসীৰ ওচৰত কৰযোৰে ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ আৰক্ষীৰ ওচৰত ন্যায় নাপাই ডিব্ৰুগড়ৰ পশুপ্ৰেমী যুৱকে আত্মহত্যা কৰা ঘটনাত দুখ প্ৰকাশ কৰি ইয়াক আৰক্ষীৰ ব্যৰ্থতা বুলি স্বীকাৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উক্ত ঘটনাৰ বাবে ডিব্ৰুগড় আৰক্ষী সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই (Dibrugarh police had completely failed in the suicide incident of Vineet, said CM Himanta) ৷

শনিবাৰে শনি মন্দিৰ পথৰ বিনীত বাগাৰীয়াৰ বাসগৃহত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Chief Minister Himanta Biswa Sarma visits Vineet Bagaria residence) । মুখ্যমন্ত্ৰীগৰাকীয়ে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জনোৱাৰ লগতে সমগ্ৰ ঘটনাৰ বুজ লয় পৰিয়ালৰ লোকৰ জৰিয়তে । প্ৰায় আধা ঘন্টা ধৰি পৰিয়ালৰ অভিযোগ শুনাৰ পিছত মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় জিলা প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি প্ৰকাশ কৰে । এই ক্ষেত্ৰত পৰিয়াল তথা অসমৰ ৰাইজৰ সন্মুখত ক্ষমা প্ৰাৰ্থনা বিচাৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa Sarma on Vineet Bagaria Suicide Case)।

কৰযোৰে ক্ষমা বিচাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

‘‘আৰক্ষী আৰু জনতাক অধিক ওচৰ চপাৰ বাবে মই দিবলৈ বিচৰা বাৰ্তা ডিব্ৰুগড় আৰক্ষীয়ে লাভ নকৰিলে’’ বুলি মন্তব্য কৰি আৰক্ষীয়ে অপৰাধীৰ পক্ষ গ্ৰহণ কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক আখ্যা দিলে মুখ্যমন্ত্ৰীয়ে । ঘটনা সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ত ল’ব লগা সকলো পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰে ৷

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিনীতৰ বাসগৃহত উপস্থিত হোৱাৰ সময়তে বিনীতৰ সতীৰ্থসকলে বিনীতৰ ফটো সম্বলিত প্লে’ কাৰ্ড প্ৰদৰ্শন কৰি বিচাৰিলে ন্যায় ।

উল্লেখ্য যে, বিনীত বাগাৰীয়া নামৰ যুৱকজনক তেওঁলোকৰ ভাড়াতীয়া সঞ্জয় শৰ্মা, তেওঁৰ সংগী বাদ্দুলা খান, আজীজ খান আৰু নিশান্ত শৰ্মাই ভাবুকি দি অহা ঘটনাৰ সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ পৰিণতিত নিৰাপত্তাহীনতাত ভুগি বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৫ বজাত ভাড়াতীয়াৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যা কৰিছিল বিনীত বাগাৰীয়া নামৰ 29 বছৰীয়া পশুপ্ৰেমী যুৱকজনে (Vineet Bagaria Suicide Case)।

লগতে পঢ়ক:CM on Qurbani on Eid: অন্য ধৰ্মাৱলম্বীৰ মনত আঘাত দি কুৰ্বানি নিদিয়াৰ আহ্বান মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details