টিংখাং,14 মাৰ্চ:ডিব্ৰুগড়ৰ টিংখাঙৰ কৰঙানিত দেওবাৰে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ কংগ্ৰেছৰ প্ৰথমখন বিশাল নিৰ্বাচনী সভাৰ বাবে ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষ হেলিকপ্তাৰেৰে আহি টিংখাঙত মিত্ৰজোঁটৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী এতোৱা মুণ্ডাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । ছত্তিশগড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী সভাত এইবাৰ অসমত মহাজোঁট বন্ধনৰ চৰকাৰ হ’ব বুলি দাবী কৰে ।
বাঘেলে ভাষণ প্ৰসংগত বিজেপি চৰকাৰক সমালোচনা কৰি ছত্তিশগড় চৰকাৰে 25 টকা সমৰ্থিত মূল্যত কৃষকৰ ধান ক্ৰয় কৰিছে বুলি উল্লেখ কৰে । তেওঁ লগতে ছত্তিশগড়ত 18 লাখ কৃষকৰ 10 হাজাৰ কোটি টকা ঋণ ৰেহাই কৰি দিয়া হৈছে মন্তব্য কৰে । অসমতো কংগ্ৰেছৰ চৰকাৰ আহিলে 200 ইউনিট বিদ্যুৎ মাচুল ৰেহাই কৰি দিয়া হ’ব বুলি তেওঁ সদৰী কৰে ।