মৰাণ,19 নৱেম্বৰ: হিন্দুসকলৰ এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ ষট পূজা ৷ প্ৰতিবছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ষঠ পূজা অনুষ্ঠিত কৰা হয় ৷ কিন্তু এইবাৰ কৰ’ণা ভাইৰাছৰ বাবে উলহ-মালহেৰে ষট পূজা পালন কৰাৰ পৰা বিৰত থাকিব ভক্তসকল ৷ সেয়ে সষ্টম হৈ পৰিছে প্ৰতিখন জিলাৰ প্ৰশাসনৰ লগতে ষট পূজা উদযাপন কমিটিসমূহ ৷ এই পূজা পালনৰ ক্ষেত্ৰত ব্যতিক্ৰম নহ’ল মৰাণৰ ষট পূজা সমিতিসমূহ ৷
অনাড়ম্বৰভাৱে অনুষ্ঠিত হ’ব ষট পূজা - ভাৰতীয় বৈদিক উৎসৱ
প্ৰতিবছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত অনুষ্ঠিত হয় ষট পূজা ৷ এইবেলি কৰ’ণা মহামাৰীৰ বাবে পূৰ্বৰ দৰে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰা নহ’ব ষট পূজা ৷ মৰাণৰ ষট পূজা উদযাপন কমিটিয়ে সদৰী কৰিছে এই কথা ৷
ষট পূজা
প্ৰতিবছৰে মৰাণৰ ৰবি ষষ্ঠী সৰোবৰ সমিতিৰ পূজাস্থলীত ষট পূজাৰ দিনা আগমন ঘটে প্ৰায় 4 সহস্ৰাধিক ভক্তৰ ৷ এইবেলি কৰ’ণা আতংকৰ বাবে উক্ত স্থানত ভক্তসকলে কৰিব নোৱাৰিব পূজা ৷ কিয়নো পূজা উদযাপন সমিতিয়ে এইবেলি উক্ত স্থানত পূজা উদযাপন কৰাৰ পৰিৱৰ্তে ঘৰতে পূজা অনুষ্ঠিত কৰিবলৈ ভক্তসকলক আহ্বান জনাইছে ৷
লগতে চাওকঃবৰঙাবাৰীত হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিব নাৰ্চিং বিদ্যালয়ৰ আধাৰশিলা