অসম

assam

By

Published : May 4, 2023, 10:07 AM IST

ETV Bharat / state

Heavy storm in Assam: খোৱাঙত ধুমুহাত মৃত্যু হোৱা লোকৰ পৰিয়ালক চেক প্ৰদান

ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰকৃতিয়ে তাণ্ডৱ ৰূপ লৈছে (Heavy storm in Dibrugarh) ৷ প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে ব্যাপক ক্ষতি সাধন কৰিছে ৰাজ্যবাসীৰ ৷ শিলাবৃষ্টিয়ে ৰাইজৰ অনিষ্ট কৰাৰ লগতে প্ৰাণ লৈছে কেইবাজনো লোকৰ ৷

Heavy storm in Dibrugarh
চেক প্ৰদান মন্ত্ৰী যোগেন মহনৰ

চেক প্ৰদান মন্ত্ৰী যোগেন মহনৰ

মৰাণ, ৪ মে’:ডিব্ৰুগড় জিলাৰ মৰাণৰ খোৱাঙত ধুমুহাত গছ পৰি মৃত্যু হোৱা লোকজনৰ পৰিয়ালক ৪ লাখ টকাৰ চেক প্ৰদান কৰিলে মন্ত্ৰী যোগেন মহনে । মৰাণৰ সমীপৰ খোৱাঙৰ ১ নং দিখাৰী কিনাৰ চাংমাই গাঁৱত মঙলবাৰে বিয়লি অহা বিধ্বংসী ধুমুহাত গছ পৰি মৃত্যু হোৱা সুখেশ্বৰ গগৈ নামৰ লোকজনৰ পৰিয়ালক বুধবাৰে ৪ লাখ টকাৰ চেক প্ৰদান কৰে মন্ত্ৰী যোগেন মহনে (Cheque handed over by Jogen Mohan at Khowang)। মন্ত্ৰীগৰাকীয়ে বুধবাৰে বিয়লি মৃতকৰ পৰিয়ালৰ হাতত এই চেকখন প্ৰদান কৰে । মন্ত্ৰীগৰাকীৰ লগত পৰিয়ালটোৰ ওচৰত উপস্থিত থাকে বিধায়ক চক্ৰধৰ গগৈ, মৰাণ ৰাজহ চক্ৰ বিষয়া আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।

উল্লেখযোগ্য যে মঙলবাৰে বিয়লি অহা ধুমুহা বৰষুণৰ মাজতে গৰু বিচাৰি যাওঁ‌তে এজোপা প্ৰকাণ্ড গছ গাত পৰাত থিতাতে মৃত্যু হৈছিল লোকজনৰ । বুধবাৰে লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত গাঁওবাসীয়ে সৎকাৰ কৰে । বিগত কিছুদিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰকৃতিয়ে তাণ্ডৱ ৰূপ ধাৰণ কৰিছে (Heavy storm in Assam) ৷ ৰাজ্য়ৰ কেইবাখনো জিলাত প্ৰৱল ধুমুহা আৰু শিলাবৃষ্টিয়ে ব্যাপক ক্ষতি সাধন কৰিছে ৷ ডিব্ৰুগড় জিলাতো চলিছে বৰদৈচিলাৰ তাণ্ডৱ । জিলাখনৰ খোৱাঙত প্ৰকৃতিৰ ৰুষ্ট ৰূপে ত্ৰাসিত কৰিছে ৰাইজক (Heavy storm in Dibrugarh) ৷ খোৱাঙৰ কেইবাটাও অঞ্চলত মঙলবাৰে বিয়লি অহা প্ৰচণ্ড ধুমুহা বৰষুণে তচনচ কৰি থৈ গৈছে খেতিপথাৰৰ লগতে গৃহ (Heavy Storm and hailstorm at Khowang) ৷

এই ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত বহুতো পৰিয়ালৰ ঘৰ দুৱাৰ ভঙাৰ লগতে লগতে গছ-গছনি উভালি পৰে । ইপিনে, কপালৰ ঘাম মাটিত পেলাই অশেষ কষ্টৰে নিৰ্মাণ কৰা সপোনৰ ঘৰটো মুহূৰ্ততে ধ্বংস হোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে দৰিদ্ৰ ৰাইজে । বহু পৰিয়ালৰ ঘৰ-দুৱাৰ সমূহৰ ক্ষতি হোৱাত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে । এতিয়া এই সকল পৰিয়ালে ৰাজ্য় চৰকাৰৰ সাহাৰ্যলৈ অপেক্ষা কৰিবলগীয়া হৈছে (Massive storm hits various places of Dibrugarh) ।

লগতে পঢ়ক:Congress AIUDF alliance: কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ কাজিয়াক মাটি-বাৰীৰ কাজিয়াৰ লগত তুলনা পীযুষ হাজৰীকাৰ

ABOUT THE AUTHOR

...view details