অসম

assam

ETV Bharat / state

ডিব্ৰুগড়ৰ সীমামুৰীয়া অঞ্চলত আৰক্ষীৰ অভিযান - আন্তঃজিলা যাতায়াত

ডিব্ৰুগড় জিলাৰ সীমামুৰীয়া অঞ্চলত আৰক্ষীৰ কটকটীয়া তালাচী ৷ মৰাণ আৰু বগীবিল দলঙত তন্ন-তন্নকৈ পৰীক্ষা কৰা হৈছে প্ৰতিখন বাহন ৷

ডিব্ৰুগড়ৰ সীমামুৰীয়া অঞ্চলত আৰক্ষীৰ তালাচী অভিযান
ডিব্ৰুগড়ৰ সীমামুৰীয়া অঞ্চলত আৰক্ষীৰ তালাচী অভিযান

By

Published : May 23, 2021, 12:33 PM IST

মৰাণ,23 মে’:ক’ভিডৰ দ্ৰুত সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্যৰ প্ৰশাসনে বন্ধ কৰি দিলে আন্তঃজিলা যাতায়াত ব্যৱস্থা ৷ ক'ভিডৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যত ঘোষণা কৰা আন্তঃজিলা যাতায়াত বন্ধৰ প্ৰভাৱ ডিব্ৰুগড় জিলাৰ সীমামুৰীয়া অঞ্চলসমূহত পৰিলক্ষিত হৈছে । আনকি অধিক কঠোৰ হৈছে ডিব্ৰুগড় জিলাৰ আৰক্ষী ।

ৰাজ্যত জিলাসমূহৰ ভিতৰত কামৰূপ (ম) ৰ পিছতে ডিব্ৰুগড় জিলাত শেহতীয়াকৈ ক'ভিড পৰিস্থিতি অধিক জটিল হোৱা পৰিলক্ষিত পৰিছে । আংশিক লক ডাউনৰ সময়তো ডিব্ৰুগড় জিলাখনত অত্যাধিক পৰিমাণে বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ লগতে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও‌ । যাৰ বাবে এতিয়া অধিক কঠোৰ হৈছে ডিব্ৰুগড় আৰক্ষী ।

ডিব্ৰুগড়ৰ সীমামুৰীয়া অঞ্চলত আৰক্ষীৰ তালাচী অভিযান

উল্লেখ্য যে, শিৱসাগৰৰ দিশৰ পৰা অহা যান-বাহন ৰখোৱা হৈছে মৰাণৰ খটখটিত । আনহাতে ধেমাজি-লক্ষীমপুৰ জিলাৰ পৰা অহা বাহনসমূহ বগীবিল দলঙৰ সমীপত ৰখাই তালাচী চলোৱা হৈছে । জৰুৰীকালীন সেৱাৰ বাহিৰে কোনো ব্যক্তিক বিনা কাৰণত সোমাব দিয়া হোৱা নাই জিলাখনত ।

লগতে পঢ়ক:ক’ভিডৰ দ্বিতীয় ঢৌত অধিক আক্ৰান্ত হৈছে নৱ প্ৰজন্ম

ABOUT THE AUTHOR

...view details