মৰাণ, 11 জুন :সদৌ অসম ছাত্ৰ সন্থা (AASU)ই প্ৰতিবছৰে ১০ জুন তাৰিখটো ছাত্ৰ সংহতি দিৱস হিচাপে উদযাপন কৰি আহিছে । ১৯৭৪ চনত আৰম্ভ হৈছিল এক খাদ্য আন্দোলন । শাসক দলৰ ওচৰত ৰাজ্যৰ অৰ্থনীতিৰ পৰিকাঠামো শক্তিশালী কৰিবলৈ ছাত্ৰসকলে ২১ দফীয়া দাবীৰে আৰম্ভ কৰা এই আন্দোলনৰ মাজতে ঘটিছিল অঘটন । শান্তিপূৰ্ণভাৱে সত্যাগ্ৰহ কৰা দুই ছাত্ৰ গজেন ইংতি আৰু পুতুল শইকীয়া শ্বহীদ হৈছিল এই আন্দোলনত ৷
ছাত্ৰ সংহতি দিৱস পালন কৰিলে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই - সদৌ অসম ছাত্ৰ সন্থা
সদৌ অসম ছাত্ৰ সন্থাই (AASU) প্ৰতিবছৰে ১০ জুন তাৰিখটো ছাত্ৰ সংহতি দিৱস হিচাপে উদযাপন কৰি আহিছে । ক'ভিড (Covid)ৰ ভয়াৱহতাৰ বাবে আছু কৰ্মী সকলে মৰাণ মহাবিদ্যালয় চৌহদত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্বলনেৰে অনুষ্টুপীয়াকৈ ছাত্ৰ সংহতি দিৱস পালন কৰে ।
![ছাত্ৰ সংহতি দিৱস পালন কৰিলে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই Chatra sanghati divas celebrated at Moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-12092714-thumbnail-3x2-hghs.jpg)
ছাত্ৰ সংহতি দিৱস পালন কৰিলে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই
এই দুই শ্বহীদক শ্ৰদ্ধাৰে স্মৰণ কৰি ছাত্ৰ সংহতি দিৱস পালন কৰে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই (AASU)। ক'ভিডৰ ভয়াবহতাৰ বাবে আছু কৰ্মী সকলে মৰাণ মহাবিদ্যালয় চৌহদত থকা শ্বহীদ বেদীত বন্তি প্ৰজ্বলনেৰে অনুষ্টুপীয়াকৈ ছাত্ৰ সংহতি দিৱস পালন কৰে । অনুষ্ঠানত চৰাইদেউ জিলাৰ সহঃ সম্পাদক অবিনাশ শৰ্মা, জিলাৰ কাৰ্যকৰী সদস্য জিন্টু গগৈৰ লগতে মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া উপস্থিত থাকে।
লগতে পঢ়ক: নগাঁৱত জাল নোটৰ ভয়ংকৰ জাল বহিঃৰাজ্যৰ মহিলাৰ