মৰাণ,14 মে’ : বৃহস্পতিবাৰৰ পৰা চৰাইদেউ জিলাত যান-বাহন চলাচলৰ ক্ষেত্ৰত আৰম্ভ হৈছে যুগ্ম-অযুগ্ম ফৰ্মূলা । এই ফৰ্মূলা মানি কেৱল পুৱা 5 বজাৰ পৰা দিনৰ 2 বজালৈহে বাহন চলাচলৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ জিলা উপায়ুক্তই জাৰি কৰিছে এই নিৰ্দেশ ৷
দিনৰ 2 বজাৰ পাচত জিলাখনত জাৰি কৰা হৈছে সান্ধ্য আইন ৷ উক্ত যুগ্ম-অযুগ্ম ফৰ্মূলা অনুসৰি, শুকুৰবাৰৰ পৰা 16, 18, 20, 22, 24 আৰু 26 মে’ লৈকে গাড়ীৰ শেষৰ নম্বৰটো যুগ্ম অর্থাৎ 0/2/4/6/8 সংখ্যা থকা গাড়ী ৰাজপথত চলাচল কৰিব পাৰিব ।