মৰাণ,৮ ডিচেম্বৰ :দেশৰ ভিতৰতে লাভজনক উদ্যোগ হিচাপে চৰ্চা লাভ কৰা নামৰূপস্থিত অসম পেট্ৰ’কেমিকেলছ লিমিটেডৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত । ইয়াৰ মাজতে ৫০০ টন মিঠানল উৎপাদন হ'বলগীয়া প্ৰকল্পস্থলী মঙলবাৰে পৰিদৰ্শন কৰে উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে (Chandra Mohan Patowary visit APL Namrup)। পৰিদর্শনৰ সময়ত এ পি এলৰ কামৰ ক্ষিপ্ৰতা দেখি সন্তোষ প্ৰকাশ কৰে উদ্যোগ মন্ত্ৰীগৰাকীয়ে ।
অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে প্ৰকল্পস্থলীত উপস্থিত হৈ কয় যে, সম্পদক সম্ভাৱনালৈ ৰূপান্তৰ কৰাৰ লক্ষ্যৰে নামৰূপস্থিত এ পি এলৰ নতুন প্রকল্পৰ নিৰ্মাণ কাৰ্য ইতিমধ্যেই ৯৯.১ শতাংশ সম্পূৰ্ণ হৈছে । অহা ফেব্ৰুৱাৰী মাহত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই নতুন প্ৰকল্পৰ শুভ উদ্বোধন কৰিব বুলিও তেওঁ উল্লেখ কৰে (Assam Cm will inaugurate APL new project) । মন্ত্ৰীগৰাকীয়ে স্থানীয় বিধায়ক তৰংগ গগৈ, অধ্যক্ষ বিকুল চন্দ্ৰ ডেকাৰ নেতৃত্বত উদ্যোগটোৰ বিষয়া-কৰ্মচাৰীসকলৰ প্ৰচেষ্টাত উদ্যোগটোৱে এই নতুন ৰূপ পাইছে বুলি উল্লেখ কৰে ।