মৰাণ,১১ মাৰ্চ: অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ৰাজনৈতিক দলসমূহৰ প্ৰায় কেইটা দলেই ইতিমধ্যে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে । লগে লগে প্ৰতিটো সমষ্টিত আৰম্ভ হৈছে তৃণমূল কৰ্মীসকলৰ ব্যস্ততা । ঠায়ে ঠায়ে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰৰ লগতে সমদল অব্যাহত আছে । ১১৫ নং মৰাণ সমষ্টিত শাসকীয় দলৰ প্ৰচাৰ অভিযান অব্যাহত । মৰাণ সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰে বিধায়ক চক্ৰধৰ গগৈয়ে । মৰাণ সমষ্টিত নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে প্ৰাৰ্থী তথা বিধায়কগৰাকীয়ে ।
মৰাণত নিৰ্বাচনী কাৰ্যালয় মুকলি
মৰাণ সমষ্টিত ৪০-৬০ হেজাৰ ভোটত জয়ী হোৱাটো নিশ্চিত বুলি দাবী বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ । চেঁচাত ভাৰতীয় জনতা পাৰ্টীৰ ১১৫ নং মৰাণ সমষ্টিৰ বিজেপিৰ লৰুৱা মণ্ডলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি গগৈৰ ।
মৰাণ সমষ্টিত ৪০-৬০ হেজাৰ ভোটত জয়ী হোৱাটো নিশ্চিত বুলি দাবী বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈৰ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ অন্য সমষ্টিসমূহৰ দৰে মৰাণ সমষ্টিতো প্ৰতিটো ৰাজনৈতিক দলৰ লগতে শাসক দল বিজেপিও তৎপৰ কৰি তুলিছে প্ৰচাৰ অভিযান । বৃহস্পতিবাৰে চেঁচাত ভাৰতীয় জনতা পাৰ্টীৰ ১১৫ নং মৰাণ সমষ্টিৰ বিজেপিৰ লৰুৱা মণ্ডলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে গগৈয়ে । গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থী প্ৰাঞ্জল ঘাটোৱাৰ ৰাজনৈতিক ক্ষেত্ৰখনত এতিয়াও পূৰঠ হ'বলৈ বাকী আছে বুলি কটাক্ষ কৰে । মৰাণ সমষ্টিত চক্ৰধৰ গগৈয়ে কেইবা শতাধিক সমৰ্থকৰ উপস্থিতিত মুকলি কৰে নিৰ্বাচনী কাৰ্যালয়টো । কাৰ্যালয় মুকলিৰ পূৰ্বে কেইবাশতাধিক সমৰ্থকে মৰাণ সমষ্টিৰ চেঁচা তিনিআলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক সমদল উলিয়ায় ।
লগতে পঢ়ক: খিলঞ্জীয়া প্ৰাৰ্থীক টিকট দিয়াৰ দাবী গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ