মৰাণ,22 এপ্ৰিলঃমঙলবাৰে নিশা লাকুৱাৰ ৮ নং GGS ৰ পৰা কোনো দুৰ্বৃত্তই খোৱাং সৰুআলিৰ মোহিনী মোহন গগৈৰ লগতে আন দুই সতীৰ্থক অপহৰণ কৰি নিছিল । আৰক্ষীয়ে ঘটনাৰ পাছতে উদ্ধাৰৰ বাবে তৎপৰ হৈছে যদিও আজি পৰ্যন্ত অপহৰণ কৰা ONGC ৰ তিনিওজন কৰ্মচাৰীৰ কোনো খবৰ ওলোৱা নাই । সংবাদ মাধ্যমৰ জৰিয়তে আটাইকেইজনকে সুকলমে উভতাই আনিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনািছিল মোহিনী মোহনৰ পৰিয়ালবৰ্গই ।
ONGC ৰ তিনি কৰ্মচাৰীক মুক্তিৰ আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ - সংবাদ মাধ্যম
মঙলবাৰে নিশা লাকুৱাৰ ৮ নং GGS ৰ পৰা কোনো দুৰ্বৃত্তই খোৱাং সৰুআলিৰ মোহিনী মোহন গগৈৰ লগতে আন দুই সতীৰ্থক অপহৰণ কৰি নিছিল ।আৰক্ষীয়ে ঘটনাৰ পাছতে তিনিওকে উদ্ধাৰৰ বাবে তৎপৰ হৈছে যদিও আজি পৰ্যন্ত অপহৰণ কৰা তিনিওজন ONGC কৰ্মচাৰীৰ কোনো সন্ধান ওলোৱা নাই ।
ONGC ৰ তিনি কৰ্মচাৰীক মুক্তি দিবলৈ আহ্বান বিধায়ক চক্ৰধৰ গগৈৰ
সমগ্ৰ ঘটনাৰ সৰ্ন্দভত সম্প্ৰতি মোহিনী মোহন গগৈৰ পৰিয়ালৰ কাষত উপস্থিত হয় মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ । সংবাদ মাধ্যমৰ আগত মানৱীয়তাৰ খাতিৰত অপহৰণ কৰা তিনিওকে মুক্তি দিবলৈ আহ্বান জনাই মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷
লগতে পঢ়কঃ ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন